বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তা সুজিৎ সাহাৰ দেহাৱসান

বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তা সুজিৎ কুমাৰ সাহা (টিংকু) মঙলবাৰে নিশা ১০-০০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তা সুজিত সাহাৰ দেহাৱসান

বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তা সুজিত সাহাৰ দেহাৱসান

ডিজিটেল সংবাদ, বিলাসীপাৰা : বিলাসীপাৰাৰ জ্যেষ্ঠ অধিবক্তা সুজিৎ কুমাৰ সাহা (টিংকু) মঙলবাৰে নিশা ১০-০০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি মগজুত ষ্ট্ৰোক হোৱাৰ ফলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 

Advertisment

উল্লেখ্য যে অধিবক্তাগৰাকী প্ৰায় তিনি সপ্তাহ পূৰ্বে  নিজ বাসভৱনত উচ্চ ৰক্তচাপৰ ফলত মগজুৰ ষ্ট্ৰোকত আক্ৰান্ত হৈছিল আৰু চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈছিল।  চিকিৎসালয়ত অৱচেতন অৱস্থাত থকাৰ পিছত তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে।

উল্লেখ্য যে অধিবক্তাগৰাকী অসম গণ পৰিষদৰ আইনী উপদেষ্টা, বিলাসীপাৰা প্ৰেছ ক্লাৱৰ উপদেষ্টা, বিলাসীপাৰা অধিবক্তা সন্থাৰ প্ৰতিষ্ঠাপক সদস্যকে ধৰি বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল। ৫৪ বছৰীয়া অধিবক্তাগৰাকী এজন শিল্পীও আছিল।

আজি তেখেতৰ নশ্বৰদেহত বিলাসীপাৰা মহকুমা অধিবক্তা সন্থা, বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
দুপৰীয়াত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত অধিবক্তা গৰাকীক বিলাসীপাৰাত শশ্মানত শেষকৃত সম্পন্ন কৰা হয়।

তেওঁৰ অকাল বিয়োগত বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে। ইফালে মৃত্যুৰ সময়ত তেওঁ পিতৃ,মাতৃ,দুই ভাতৃ, পত্নী, এগৰাকী কন্যা আৰু এজন ল'ৰাসহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

bilashipara