/asomiyapratidin/media/media_files/2025/01/16/wIbNXwidY8H61enn7p6C.jpg)
জ্যেষ্ঠ অধিবক্তা- প্ৰাক্তন বিধায়ক মছিৰ উদ্দিন সেখ আৰু নাই
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী আদালতৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা, ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মছিৰ উদ্দিন সেখ আৰু নাই। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫-০০ বজাত ধুবুৰী জিলাৰ গৌৰীপুৰৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে শেষ নিঃশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮৩ বছৰ। ধুবুৰীৰ বিশিষ্ট সমাজসেৱী, অধিবক্তা তথা প্ৰাক্তন বিধায়ক মছিৰ উদ্দিন সেখৰ মৃত্যুৰ খবৰে আজি বিয়লিৰে পৰা সমগ্ৰ ধুবুৰী চহৰতে এক শোকৰ ছাঁ পেলোৱা দেখা যায়।
ইপিনে প্ৰাক্তন বিধায়কগৰাকী লৈ শেষ শ্ৰদ্ধা জনোৱাৰ উদ্যেশ্যে আজি তেওঁৰ ধুবুৰীস্থ ৯ নং ৱাৰ্ডৰ বিদ্যাপাৰাৰ বাসভৱনত ৰাইজৰ সোঁত ব’বলৈ ধৰে। সন্ধিয়া ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি এন আই চৌধুৰী আৰু সাধাৰণ সম্পাদক কামাল উদ্দিন আহমেদকে ধৰি ধুবুৰী অধিবক্তা সন্থাৰ ভালেসংখ্যক অধিবক্তাই প্ৰাক্তন বিধায়কগৰাকীৰ বাসভৱন লৈ আহি মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালৰ লোক লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত মছিৰ উদ্দিন সেখে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ ধুবুৰী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। আনহাতে মছিৰ উদ্দিন সেখে ১৯৭২ চনত ধুবুৰী অধিবক্তা সন্থাৰ সদস্য পদ লৈ ধুবুৰী আদালতত অধিবক্তা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।
মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, এজনী কন্যাসহ বহু আত্মীয় স্বজন তথা অলেখ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।