ফ'ন নম্বৰ 'ছেভ' নকৰাকৈয়ে হোৱাটছএপত দিব পাৰিব মেছেজ

ফ'ন নম্বৰ 'ছেভ' নকৰাকৈয়ে হোৱাটছএপত দিব পাৰিব মেছেজ

ডিজিটেল ডেস্ক: এতিয়াৰে পৰা ফ’ন নম্বৰ ‘ছেভ’ নকৰাকৈয়ে হোৱাটছএপযোগে আপুনি লাগতিয়াল বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। ‘ছেভ’ নকৰা নম্বৰত বাৰ্তা প্ৰেৰণৰ বাবে হোৱাটছএপত কোনো অফিচিয়েল সুবিধা নাই যদিও কিছুমান উপায় আছে।বিশেষ কিছুমান কৌশল ব্যৱহাৰ কৰি হোৱাটছএপ ব্যৱহাৰকাৰীসকলে ফ’ন নম্বৰ ‘ছেভ’ নকৰাকৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে।এই কৌশলবোৰৰ বেছিভাগ তৃতীয় পক্ষৰ এপৰ জৰিয়তে কৰা হয়।

লাখ লাখ সক্ৰিয় মানুহে ব্যৱহাৰ কৰা হোৱাটছএপ হৈছে বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় তাৎক্ষণিক ‘মেচেজিং এপ’।এই এপটোৱে মেচেজিং, কলিং, ভিডিঅ' কলিং, পৰিশোধ তথা আন কেইবাটাও উপযোগী সুবিধা আগবঢ়ায়। কিন্তু আন কিছুমান সুবিধা আছে যিবোৰ এই এপটোয়ে বৰ্তমানেও প্ৰৱৰ্তন কৰা নাই।এনে এটা সুবিধা হৈছে ‘ছেভ’ নকৰা নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰা।যদি আপোনাৰ অজ্ঞাত বা বন্ধুবৰ্গৰ বৃত্তত নথকা কাৰোবাক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে, আপুনি চেষ্টা কৰিব পৰা কিছুমান কৌশল আছে।এই কৌশলৰ কিছু বৰ্ণনা তলত আগবঢ়োৱা হৈছে-

ৱেব ব্ৰাউজাৰৰ মাধ্যমেৰে 

  • প্ৰথমেই আপোনাৰ ফ’নত যিকোনো ৱেব ব্ৰাউজাৰ খোলক।

  • ইয়াৰ পাছত http://wa.me/91 লেখি বাৰ্তা পঠিয়াবলৈ বিচৰা নম্বৰটো টাইপ কৰক।

  • নম্বৰটো টাইপ কৰাৰ পিছত লিংকটো খুলিবলৈ এণ্টাৰ টিপক।

  • আপোনাক হোৱাটছএপ স্ক্ৰীণলৈ পুনঃনিৰ্দেশিত কৰা হ'ব।ইয়াৰ পাছত সেউজীয়া বুটামত ক্লিক কৰক য'ত ‘চেট অব্যাহত ৰাখক’ বুলি উল্লেখ কৰা হৈছে।

  • এতিয়া বাৰ্তা পঠিয়াব বিচৰা ম'বাইল নম্বৰৰ হোৱাটছএপ নিজে খোল খাই যাব আৰু আপুনি তেওঁলোকক বাৰ্তা প্ৰেৰণ কৰিব পাৰিব।

ট্ৰুকলাৰ ব্যৱহাৰ

যদি আপুনি ট্ৰুকলাৰ ব্যৱহাৰ কৰে, তেতিয়া এপটোয়ে আপোনাৰ মবাইলত ছেভ নথকা নম্বৰটো পোনপটীয়াকৈ বাৰ্তা কৰাটো সহজ কৰি তোলে।

  • প্ৰথমে আপুনি ট্ৰুকলাৰ এপটো খোলক।

  • তাৰ পাছত আপুনি বাৰ্তা প্ৰেৰণ কৰিব বিচৰা ব্যক্তিজনৰ ফোন নম্বৰ টাইপ কৰক।

  •  ইয়াৰ পাছতে এপটোত ব্যক্তিজনৰ ট্ৰুকলাৰ প্ৰ'ফাইলটো ওলাই পৰিব।

  •  এতিয়া তললৈ স্ক্ৰ'ল কৰক আৰু প্ৰ'ফাইলত উপলব্ধ হোৱাটছএপ বুটামত ক্লিক কৰক।

  •  তেতিয়া খোল খাব হোৱাটছএপ চেট উইণ্ডো।

  •  আপুনি এতিয়া ছেভ নকৰা নম্বৰটোত আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব।

ফ'ন নম্বৰ 'ছেভ' নকৰাকৈয়ে হোৱাটছএপত দিব পাৰিব মেছেজ
SBI Whatsapp Banking: এছ বি আইৰ হোৱাটছএপ সেৱাৰ বিষয়ে জানো আহক

চিৰি চৰ্টকাটৰ মাধ্যমেৰে 

আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে আন এটা কৌশল আছে যাৰ জৰিয়তে তেওঁলোকে ছেভ নথকা নম্বৰতো হোৱাটছএপযোগে বাৰ্তা প্ৰেৰণ কৰিব পাৰে।

  • প্ৰথমেই আপোনাৰ আইফোনত এপল চৰ্টকাটএপটো খোলক।

  • তাৰ পাছত ‘ এড চৰ্টকাট’ বুটামটো টিপক।

  • এতিয়া হোৱাটছএপটো ‘নন কনটেক্ট চৰ্টকাট’লৈ ইনষ্টল কৰক।

  • চৰ্টকাটটো ইনষ্টল হোৱাৰ পিছত তাত ক্লিক কৰক।

  • ‘প্ৰাপ্তকৰ্তা বাছনি কৰক’ বুলি কোৱা এটা পপ আপ ওলাব।

  • প্ৰাপ্তকৰ্তা বাছনি কৰক"ত দেশৰ কোড (+91- ভাৰতীয় নম্বৰৰ বাবে)ৰ সৈতে বাৰ্তা     পঠিয়াবলগীয়া নম্বৰটো টাইপ কৰক।

  • ইয়াৰ পাছতে নিৰ্দিষ্ট নম্বৰৰ ‘হোৱাটছএপ চেট’ খুলিব আৰু আপুনি বাৰ্তা প্ৰেৰণ কৰিব পাৰিব।

সহজ নহয়নে বাৰু? হয়, কৌশলকেইটা সঁচাকৈয়ে কামত অহা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in