"মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ কৃতি আৰু দৰ্শন" সন্দৰ্ভত আলোচনাচক্ৰৰ আয়োজন

মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ উদ্যোগত গুৱাহাটীৰ বেলতলাৰ বনগাঁওস্থিত "পূৰ্বোত্তৰ ভাষা কেন্দ্ৰ" প্ৰাংগনত "মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ কৃতি আৰু দৰ্শন"ৰ সম্পৰ্কত এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
gfguj

ডিজিটেল সংবাদ, গুৱাহাটী : মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ উদ্যোগত গুৱাহাটীৰ বেলতলাৰ বনগাঁওস্থিত "পূৰ্বোত্তৰ ভাষা কেন্দ্ৰ" প্ৰাংগনত "মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ কৃতি আৰু দৰ্শন"ৰ সম্পৰ্কত এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনাচক্ৰখনি অহা বৰ্ষৰ ৫ জানুৱাৰী, দেওবাৰে দিনৰ ৯-৪৫ বজাৰ পৰা আয়োজন কৰা হৈছে বুলি সমিতিৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰধান সম্পাদক দীপক শৰ্মা, সমন্বয়কদ্বয় শৈলেন তালুকদাৰ আৰু তাৰিণীকান্ত গোস্বামীয়ে এক প্ৰেছ বিবৃতিত জানিব দিছে।

আলোচনাচক্ৰত ভক্তিৰস তৰঙ্গিণী : এক ৰূপকাত্মক সৃষ্টি" (অলঙ্কাৰ শাস্ত্ৰৰ আধাৰত এটি আলোচনা), ঐতিহাসিক পটভূমিত  ভক্তিৰস তৰঙ্গিণী : এক সমীক্ষা, প্ৰাচীন অসমীয়া গদ্যৰ ওপৰত ভক্তিৰস তৰঙ্গিণী : ভাষাতাত্বিক আলোচনা, গদ্যানুবাদৰ অনন্য সৃষ্টি ভক্তিৰস তৰঙ্গিণী, সৃষ্টিশীল সাহিত্যৰ অনবদ্য নিদৰ্শন ভক্তিৰস তৰঙ্গিণী আৰু মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন আৰু গুৰু হিচাপে তেওঁৰ স্থান শীৰ্ষক মূল বিষয় হিচাপে লৈ এই আলোচনা অনুষ্ঠিত কৰা হ'ব। এই বিষয়ৰ আধাৰত কোনো সদাশয়লোকে গৱেষণা পত্ৰ প্ৰস্তুত কৰি পাঠ কৰিব বিচাৰে যদি‌ তেওঁলোকে ৬৯০১৬-২০০২০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে ।

guwahati