/asomiyapratidin/media/media_files/2025/05/29/9JuKyUodRqYoyFcqKb7W.jpg)
মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত "ৰেজিলিয়েন্স আপস্কেল" শীৰ্ষক আলোচনাচক্ৰ
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত "ৰেজিলিয়েন্স আপস্কেল" শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। ৰাজ্যত সময়ে সময়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কেনেদৰে শস্য উৎপাদন কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ উদ্দেশ্যে আলোচনা সভাত ধান, মাহ, সৰিয়হ আদি শস্যৰ উন্নত প্ৰযুক্তি প্ৰয়োগৰ বিষয়ে আলোচনা হয়।
নৰৱে চৰকাৰৰ আৰ্থিক সাহাৰ্য্যত এম.এচ. স্বামী নাথ গৱেষণা প্ৰতিষ্ঠান আৰু অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা সভাখনত উন্নত প্ৰযুক্তিৰ বীজ উৎপাদন সংৰক্ষণ আৰু কৃষকলৈ প্ৰেৰণ কৰাৰ সমান্তৰালকৈ জৈৱিক উপায়েৰে কৃষিকাৰ্য্য সম্পাদনা সন্দৰ্ভত আলোচনাও কৰা হয়। মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত এম.এচ.এচ.আৰ. এফৰ প্ৰধান বিজ্ঞানী ড০ ৰাজকুমাৰ ৰামস্বামীয়ে কয় যে, অসমত এই প্ৰকল্প ২০১৮ চনৰ পৰাই শুকান অঞ্চল হিচাপে গোলাঘাট জিলা আৰু বানপানী অঞ্চল হিচাপে শিৱসাগৰ জিলাত আৰম্ভ কৰাত আজি ব্যাপক সঁহাৰি লাভ কৰি আহিছে। যাৰ দ্বাৰা পৰৱৰ্তী সময়ত ৰাজ্যৰ কৃষি খণ্ডত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰি এই প্ৰকল্প সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে।"
আনহাতে এইবাৰ দ্বিতীয় পৰ্যায়ত, ৰাজ্যৰ আৰু ৯ খন জিলাক সামৰি লৈ এই প্ৰকল্পৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে, প্ৰকল্পৰ কাম অন্যান্য জিলালৈ সম্প্ৰসাৰণ কৰাত কেনেদৰে আগবঢ়াই নিলে কৃষকক উপকৃত কৰিব পৰা যায় সেই সন্দৰ্ভতো আলোচনা কৰা হয়। সভাখনি আঁত ধৰি প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকাই "ৰাজ্যৰ ব্যপক বতৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কৃষক সকলক, সেই প্ৰতিকূল বতৰৰ লগত মোকাবিলা কৰিব পৰাকৈ আমাৰ এই আঁচনি" বুলি প্ৰকাশ কৰে।
এই অনুষ্ঠানত এম এচ এচ আৰ এফৰ প্ৰধান বিজ্ঞানী ড০ অনামিকা অজয়, অশোকাৰ সঞ্চালক মধুৰাম পাটোৱাৰী, মহকুমা পশুপালন বিষয়া ডা০ ৰাম নাৰায়ণ বৰুৱা, নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া আৰ আৰ পাৰ্ণা আদিয়ে গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়। সভাখনত নগাঁৱৰ মহকুমা মীন বিষয়া লিজা ইংতিপি, জিলা প্ৰকল্প বিষয়া চন্দন তালুকদাৰ, জিলা কাৰ্য্যকৰী বিশেষজ্ঞ পাৰ্থ বৰদলৈ, কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ মূৰব্বী বিজ্ঞানী ড০ হাফিজ, জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী সকলকে আদি কৰি জিলা খনৰ অন্তৰ্গত কেবাখনো বীজ উৎপাদন কেন্দ্ৰ, দুগ্ধ প্ৰকল্প, জৈৱিক সাৰ উৎপাদন কেন্দ্ৰ আদিৰ বিষয়ববীয়া সকলৰ লগতে জিলাখনৰ কেবাটাও কৃষি গোটৰ প্ৰতিনিধি উপস্থিত থাকে।