ডিজিটেল সংবাদ, ৰঙিয়া: সমগ্ৰ দেশতে উদযাপিত হ'বলগীয় ৭৮ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনত মহকুমা প্ৰশাসনৰ উদ্যোগত "দৰ্শন ২০৪৭-স্বাধীনতাৰ শতবৰ্ষত স্বাধীন ভাৰতৰ স্থপতি হিচাপে ভাৰতীয় যুৱ প্ৰজন্ম" শীৰ্ষক বিষয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ভৱেশ কলিতা।
বিধায়কগৰাকীয়ে যুৱ প্ৰজন্মসকলক উৎসাহিত কৰি তুলিবলৈ সমাজৰ বাবে যুৱ শক্তিৰ কৰণীয় বিষয়ত বক্তব্য প্ৰদান কৰে। লগতে এই ধৰণৰ আলোচনা চক্ৰ কাৰ্যসূচীৰ দ্বাৰা আমাৰ সমাজৰ উঠি অহা যুৱ প্ৰজন্মক সঁচাকৈ প্ৰেৰণা যোগাব বুলি উল্লেখ কৰে। আগন্তুক দিনবোৰতো ৰঙিয়া মহকুমা প্ৰশাসনে এই ধৰণৰ ইতিবাচক চিন্তাৰে গঠনমূলক তথা সমাজ হিতকৰ কাৰ্যসূচী ৰূপায়ন কৰি যাবলৈ আহ্বান জনাই আজিৰ এই আলোচনাচক্ৰখনি সঞ্চালনা কৰে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই।
উল্লেখ্য যে প্ৰায় ৪০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা আলোচনাচক্ৰত পেনেলিষ্ট হিচাপে বিশিষ্ট লেখক ৰবেন্দ্ৰ দাস, ডেপুটি সঞ্চালক নন্দ সিঙকে ধৰি অধ্যাপক ড° সঞ্চীৱ কুমাৰ গোস্বামীকে ধৰি অধ্যাপক ড° সুশান্ত কুমাৰ কাশ্যপ উপস্থিত থাকে। আনহাতে আবেলি ৩:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা আলোচনা চক্ৰত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দেৱাশীষ গোস্বামীকে ধৰি সহকাৰী আয়ুক্ত কৃতাঞ্জলী কাশ্যপকে লৈ কেইবাগৰাকীও বিষয়া- কৰ্মচাৰী, শিক্ষক, অধ্যাপক-অধ্যাপিকাসকলে অংশ লয়।