লিংগ সংবেদনশীলতা আৰু বিদ্যালয় শিক্ষাত ইয়াৰ প্ৰত্যাহ্বান শীৰ্ষক আলোচনাচক্ৰ...

বিষ্ণুপুৰ পাঁচআলিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ধেমাজিত শুকুৰবাৰে "লিংগ সংবেদনশীলতা আৰু বিদ্যালয় শিক্ষাত ইয়াৰ প্ৰত্যাহ্বান " শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
আলোচনাচক্ৰ

ডিজিটেল সংবাদ, চিলাপথাৰ : বিষ্ণুপুৰ পাঁচআলিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ধেমাজিত শুকুৰবাৰে
"লিংগ সংবেদনশীলতা আৰু বিদ্যালয় শিক্ষাত ইয়াৰ প্ৰত্যাহ্বান " শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় ।  আলোচনাচক্ৰখনৰ মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে আকাশ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু "নেশ্যনেল কাউন্সিল ফৰ ট্ৰাঞ্জজেণ্ডাৰ পাৰ্চন"ৰ উত্তৰ - পূবৰ সদস্য ঋতুপৰ্ণা নেওগ।

Advertisment

তেখেতে লিংগ বৈষম্যতা আৰু অন্তৰ্ভুক্তিকৃত শিক্ষাৰ ওপৰত সমাজ আৰু বিদ্যালয়ৰ দৃষ্টিভংগীৰ লগতে ভৱিষ্যতে ল'বলগীয়া ইতিবাচক পদক্ষেপৰ ওপৰত আলোকপাত কৰে । উক্ত সভাত সভাপতিত্ব কৰে প্ৰতিষ্ঠানৰ অধ্যক্ষা মৌচুমী বৰুৱা বৰদলৈয়ে।

প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা কাকলি পেগু আৰু মায়াশ্ৰী চেতিয়া ফুকনে আঁত ধৰা অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, লক্ষীমপুৰৰ জ্যেষ্ঠ প্ৰবক্তা ড° তনুজ টায়েং, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ধেমাজিৰ জ্যেষ্ঠ প্ৰবক্তা মায়াৰাণী পাৱে,ইন্দ্ৰজিৎ গাম, দীপামণি ফুকনকে প্ৰমুখ্য কৰি প্ৰতিষ্ঠানৰ সমূহ প্ৰবক্তা আৰু কৰ্মচাৰীবৃন্দ। বি. এড আৰু ডি.এল.এড পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত আলোচনা চক্ৰখনত প্ৰতিটো ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী উপস্থিত থাকি আলোচনা চক্ৰখন সাফল্যমণ্ডিত কৰি তোলে ।

silapathar