/asomiyapratidin/media/media_files/2025/03/09/4yT1duFgnea7DoDn5wih.png)
আলোচনা চক্ৰ
ডিজিটেল ডেস্ক : সদৌ অসম আহোম সভা আৰু বৃহত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত দেওবাৰে এখনি তত্বগধুৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহানগৰীৰ খানাপাৰাস্থিত চিভিল চাৰ্ভিছ অফিচাৰ্ছ ইউনিট, অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই আলোচনা চক্ৰখনি।
/asomiyapratidin/media/media_files/2025/03/09/wyTOLY21Y0bW0lB0ZCfl.jpg)
উক্ত আলোচনা চক্ৰখনিৰ মূল বিষয়বস্তু আছিল- “আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধৰ্ম নিৰপেক্ষতা তথা উদাৰতাবাদ আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা।“ শীৰ্ষক বিষয়বস্ত সন্দৰ্ভত ৰাজ্যৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰৰ কেইবাগৰাকী সমল ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2025/03/09/hbUIKLa1TF2bAk3IWR4Q.jpg)
এই আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট উদ্ভিদ বিজ্ঞানী ড০ অলক বুঢ়াগোহাঁই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰাজীৱ সন্দিকৈ, ড০ ৰাজেন শইকীয়া আৰু জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্ক হেড মৃদুল কুমাৰ সন্দিকৈ। কেউগৰাকী সমল ব্যক্তিয়ে বিষয়বস্তুৰ আঁত ধৰি কেইবাটাও বিষয় সম্পৰ্কত তত্বগধুৰ বিশ্লেষণাত্মক আলোচনা কৰে।
/asomiyapratidin/media/media_files/2025/03/09/R3E3epsfibGGx3uQMcRZ.jpg)
উল্লেখযোগ্য যে ড০ অলক বুঢ়াগোহাঁইয়ে ‘আহোম স্বৰ্গদেউৰ ৰাজত্বকালৰ ধৰ্ম নিৰপেক্ষতা ও উদাৰতাবাদৰ দৃষ্টিন্দমূলক অৱদান’ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। একেদৰে ড০ ৰাজীৱ সন্দিকৈয়ে ‘বৃহত্তৰ অসমীয়া সমাজ গঠনত আহোম যুগৰ গৌৰৱময় ধাৰা’ বিষয়ত বিশ্লেষণাত্মক বক্তৃতা প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2025/03/09/qHKX3Upt3zF7Yg536Nm7.jpg)
আনহাতে ড০ ৰাজেন শইকীয়াই ‘ঐতিহাসিক দৃষ্টিকোণৰ পৰা যুৱসমাজ আৰু ভৱিষ্যত প্ৰজন্মৰ মাজত আন্তঃ ধৰ্মীয় সম্প্ৰীতি আৰু গোষ্ঠীগত সংহতিৰ প্ৰয়োজনীয়তা’ সন্দৰ্ভত গঠনমূলক বক্তব্য আগবঢ়ায়। একেদৰে আন গৰাকী আলোচক মৃদুল কুমাৰ সন্দিকৈয়ে ‘ধৰ্মীয় আৰু জাতিগত বিদ্বেষ ৰোধ কৰাত সামাজিক মাধ্যমৰ উপযোগিতা আৰু বৌদ্ধিক সমাজ আৰু জাতীয় সংগঠনসমূহৰ দায়িত্ব’ সম্পৰ্কত কেইবাটাও প্ৰসংগৰ আঁত ধৰি সাবলীল বক্তৃতা প্ৰদান কৰি বিষয়বস্তুৰ তত্ব উপলব্ধিৰ অৱকাশ দিয়ে।
/asomiyapratidin/media/media_files/2025/03/09/qoef0Y8N5UInfDyxm6JF.jpg)
উল্লেখযোগ্য যে অনুষ্ঠানৰ পোনতে বক্তৃতা প্ৰদান কৰি ড০ অলক বুঢ়াগোহাঁইয়ে বিষয়বস্তু সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে আহোম ৰজাসকলে কেতিয়াও, কোনোদিনেই ধৰ্ম জাপি দিয়া নাছিল। তেওঁলোকৰ দৰ্শন আছিল অতি উচ্চমানৰ।
/asomiyapratidin/media/media_files/2025/03/09/iRG9Sb1EynaF0jUx2M1G.jpg)
তেওঁলোকে নিজৰ ভাষা, নিজৰ বিশ্বাস লাহে লাহে আঁতৰাই অসম আৰু অসমীয়া মানুহৰ ভাষা-কৃষ্টিক আঁকোৱালি লৈছিল। তেওঁলোক যে বাহিৰ পৰা আহি অসমত বসতি স্থাপন কৰিছে; সেই কথা জানিছিল। সেয়ে তেওঁলোকে অসম আৰু ইয়াৰ মানুহক একলগ কৰি আঁকোৱালি লৈ ৰাজধানী স্থাপন কৰিছিল। আৰু সকলোকে একেলগ কৰি প্ৰায় ৬শ বছৰ ৰাজত্ব কৰিছিল বুলি বক্তব্যত উল্লেখ কৰে।
/asomiyapratidin/media/media_files/2025/03/09/N84JmkovtVa9P08f9wFr.jpg)
আনহাতে আনগৰাকী আলোচক ড০ ৰাজীৱ সন্দিকৈয়ে বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰি বিশ্লেষণাত্মক বক্তৃতা প্ৰদান কৰে। তেওঁ আহোম স্বৰ্গদেউ চুকাফাই বিবিধতাত অধিক গুৰুত্ব দিয়া আৰু পাছত ইয়াক উদযাপন কৰাৰ কথা বক্তৃতাত উল্লেখ কৰে। তাৰোপৰি জাতি গঠনত আহোমসকলে কৰা কেতবোৰ কাৰ্যাৱলী সন্দৰ্ভতো চমু বক্তৃতা প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2025/03/09/pFqqdnjyk4op1UcFEDEv.jpg)
একেদৰে ড০ ৰাজেন শইকীয়াই বিষয়বস্ত সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি কেইবাটাও উদাহৰণসহ যুক্তি দাঙি ধৰে। ইউনাইটেড কিংদমৰ আয়াৰলেণ্ড, স্কটলেণ্ড, ৱেলছ আদি দেশ গঠনৰ প্ৰসংগ তেওঁৰ বক্তৃতাত স্থান পায়। ঐতিহাসিকভাৱে যুৱ সমাজৰ কথাটো বুজি চাব লগা কথা বুলি উল্লেখ কৰি তেওঁ কয় যে, যুৱ সমাজক ৰাজনৈতিক আৰু সামাজিকভাৱে সুসংগঠিত কৰা প্ৰক্ৰিয়াটো পোনতে আৰম্ভ হৈছিল ইটালীত।
/asomiyapratidin/media/media_files/2025/03/09/gvXRxpB8ehZLwVaN3GiZ.jpg)
তাৰোপৰি যুৱ সমাজৰ নেতৃত্বতে বিশ্বৰ কেইবাটাও আন্দোলনৰ কথাও উল্লেখ কৰে বক্তাগৰাকীয়ে। ভাষণ প্ৰসংগতে আহোম সন্দৰ্ভত পদ্মনাথ গোহাঞি বৰুৱাই লিখি থৈ যোৱা কেতবোৰ কথাৰ বিষয়েও তেওঁ উল্লেখ কৰে। ফৰাচী বিপ্লৱৰ পাছত ধৰ্ম নিৰপেক্ষতাৰ ধাৰণা আহিছে বুলি কৈ তেওঁ কয় যে, আজিৰ প্ৰেক্ষাপটত ধৰ্ম নিৰপেক্ষতাৰ কথাৰ প্ৰয়োজন নাই। কিয়নো সেই সময়ত, সেই ধাৰণা এটাই ইতিহাস হিচাপে স্থান পাব পাৰে; কিন্তু আজিৰ সময়তো একেই ধাৰণা প্ৰযোজ্য হ’ব বুলি তেনে কোনো কথা নাই।
/asomiyapratidin/media/media_files/2025/03/09/HYbaSxHGPr8Nn9zsBWmE.jpg)
ইফালে আনগৰাকী আলোচক মৃদুল কুমাৰ সন্দিকৈয়ে তেওঁৰ বিষয়বস্তু সম্পৰ্কত সাৱলীল ভাষণ আগবঢ়াই উপস্থিত ৰাইজক চিন্তাৰ খোৰাক যোগায়। বিশেষকৈ নতুন চামক উদ্দেশ্যি সামাজিক মাধ্যমৰ বিষয়ে গঠনমূলক বক্তব্য দাঙি ধৰে। সামাজিক মাধ্যমৰ দ্বাৰা যিকোনো বিষয় এটাক কেনেদৰে যোগাত্মক দৃষ্টিভংগীৰে উপস্থাপন কৰিব পাৰি সেই সম্পৰ্কে তেওঁ কিছু কথা অৱগত কৰে।
/asomiyapratidin/media/media_files/2025/03/09/1XrxUciaKF2Gu7Tk08ul.jpg)
সন্দিকৈয়ে কয় যে, নতুন প্ৰজন্মৰ যুৱক- যুৱতীসকলে সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক প্ৰবাহৰ বিপৰীতে গৈ যেতিয়া এক জাতীয় চেতনাৰে উদ্বুদ্ধ হ’ব, তেতিয়াহে আজিৰ এই আলোচনাৰ প্ৰসংগবোৰ প্ৰাসংগিক হৈ পৰিব। তাৰোপৰি আহোম সমাজৰ বৌদ্ধিক ব্যক্তিৰ অধিকাৰীসকলৰ দায়িত্বৰ কথাও দোহাৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।
/asomiyapratidin/media/media_files/2025/03/09/cr44tDdYmdr1lk5jobIZ.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আজিৰ এই আলোচনা চক্ৰখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পদ্মশ্ৰী ড০ যোগেন্দ্ৰ নাথ ফুকনে। তাৰোপৰি তেওঁ আলোচনা চক্ৰখনিৰ পাতনি সন্দৰ্ভতো বক্তৃতা প্ৰদান কৰে।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দীপক গগৈয়ে। আনহাতে লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালীয়ে সঞ্চালনা কৰা এই আলোচনা চক্ৰ শেষত শলাগৰ শৰাই আগবঢ়াই মুখ্য সমন্বয়ক সোমনাথ বড়াই।
আজিৰ এই অনুষ্ঠানত সদৌ অসম আহোম সভাৰ সভাপতিকে প্ৰমুখ্য কৰি কেইবাগৰাকী অভ্যাগত উপস্থিত থাকে। একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিক্ষাৰ্থীসকলো উপস্থিত থাকে। ইয়াৰ উপৰি অনুষ্ঠানত শিক্ষাৰ্থীসকলে এক মত- বিনিময় কাৰ্যসূচীতো অংশ লয়।