New Update
/asomiyapratidin/media/media_files/2025/03/06/7czi0ive0yjJDAQwA1Cu.jpg)
ডিজিটেল ডেস্কঃ এডভান্টেজ আছামক লৈ ৰজাঘৰীয়া প্ৰশংসাৰে পঞ্চমুখ হৈ থকাৰ সময়তে পোহৰলৈ আহিছে এক বিশেষ তথ্য। চৰকাৰে কৈছিল যে, এডভান্টেজ আছামৰ প্ৰথম সংস্কৰণৰ ফলাফল হিচাপেই অসমে লাভ কৰিছে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প। এডাভান্টেজ আছামৰ বাবেই অসমত বিনিয়োগৰ বাবে টাটা কোম্পানী অহাৰ কথা ঘোষণা কৰিছিল চৰকাৰে।
কিন্তু বিধানসভাত বিধায়ক অখিল গগৈৰ মৌখিক এক প্ৰশ্নৰ উত্তৰত প্ৰকাশ পাইছে আন এক তথ্য। অখিল গগৈৰ মৌখিক প্ৰশ্নতো আছিল এনেধৰণৰ- জাগীৰোডত টাটাক ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনৰ বাবে কিমান মাটি আৰু অন্যান্য সাহাৰ্য্য প্ৰদান কৰা হৈছে? কি কি ক্ষেত্ৰত তেওঁলোকক ৰাজসাহায্য প্ৰদান কৰা হব, সবিস্তাৰে জনাব।
৬মাৰ্চ, ২০২৫ৰ দিনটোত অখিল গগৈৰ এই ১২০নং মৌখিক প্ৰশ্নটোৰ উত্তৰ দি চৰকাৰে কয় যে, জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বাবে সৰ্বমুঠ ৫১৭.২৭বিঘা মাটি আৱন্টন দিয়া হৈছে। মাটিৰ বাদেও কেন্দ্ৰীয় চৰকাৰৰ পৰা eligible capital investmentৰ ওপৰত ৫০শতাংশ ৰাজসাহায্য লাভ কৰিব। ইয়াৰো পৰি ৰাজ্য চৰকাৰৰ পৰা eligible capital investmentৰ ওপৰত ২৫শতাংশ ৰাজ সাহায্য লাভ কৰিব।
অসম চৰকাৰৰ এই উত্তৰতে ওলাই পৰে যে জোলাঙাৰ মেঁকুৰী। চৰকাৰে লগতে উল্লেখ কৰা প্ৰতিবেদনত উল্লেখ আছে যে, ৫১৭বিঘা মাটিত প্ৰতি বিঘাত ১টকাৰ দৰত প্ৰদান কৰা হৈছে টাটা কোম্পানীক। সহজ ভাষাত কবলৈ হ'লে- টাটাই অসমৰ ছেমিকণ্ডাক্টৰ উদ্যোগত বিনিয়োগ যদি ১০০টকা কৰে। তাৰে ৭৫টকা চৰকাৰী ৰাজসাহায্য লাভ কৰিব। অৰ্থাত টাটাৰ জেপৰ পৰা বিনিয়োগ কৰিব মাত্ৰ ২৫টকাহে।
ভাৰত চৰকাৰে টাটাক দিব ১৩,৫০০ কোটি টকা অৰ্থাৎ ৫০% ৰাজ সাহাৰ্য। অসম চৰকাৰে টাটাক দিব ৬,৭৫০ কোটি টকা অৰ্থাৎ ২৫% ৰাজ সাহাৰ্য। অৰ্থাৎ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে টাটাক দিব ৭৫% ৰাজ সাহাৰ্য মানে ২০,২৫০ কোটি টকাৰ সাহাৰ্য। আৰু টাটাই খৰচ কৰিব ৬,৭৫০ কোটি টকা।
অৰ্থাৎ মুঠ ২৭,০০০ কোটি টকাৰ প্ৰকল্পটোত টাটাই মাত্ৰ ৬,৭৫০ কোটি টকা খৰচ কৰিব। এই তথ্য পোহৰলৈ অহাৰ পাছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সচেতন মহলে টাটাক এই বৃহৎ পৰিমাণৰ ২০,২৫০ কোটি টকা নিদি অসম চৰকাৰ অথবা ভাৰত চৰকাৰে আৰু ৬,৭৫০ কোটি টকা খৰচ কৰিলেই জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগটো সম্পূৰ্ণ ৰাজহুৱা উদ্যোগ কৰিব নোৱাৰিলেহেতেন নেকি প্ৰশ্ন উত্থাপন কৰিছে।