/asomiyapratidin/media/media_files/2025/05/20/67a2LSduyTtGAP5kmFEK.jpg)
চানডুবিৰ বৰদুৱাৰ চাহ বাগিচাৰ ৰায়তসকল
ডিজিটেল সংবাদ, চানডুবি: দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰ চাহ বাগিছাত তিনিখনকৈ ৰাজহ গাঁও অৱস্থিত। ১, ২ আৰু ৩নং বাগান ৰাজহ গাঁও তিনিখনত বৰদুৱাৰ চাহ বাগিচা স্থাপনৰ বহু বছৰ আগৰেপৰাই জনজাতি লোকে বসবাস কৰিছিল। বৰ্তমান ৰাজহ গাঁও তিনিখনৰ পৰিয়ালৰ সংখ্যা ২,১০০ ঘৰত প্ৰৱেশ কৰিছে। কিন্তু অতি পুৰণি গাঁওকেইখনত বসবাস কৰা ভূমিপুত্ৰ জনজাতিসকলৰ নামত আজিও নাই নিজা মাটি। অতি দূৰ্ভাগ্যজনকভাৱে তেওঁলোক আজি চাহ বাগিচাৰ মালিকৰহে ৰায়ত। অঞ্চলটোৰ ৰায়ত সকলে বহু আবেদন নিবেদন কৰিও বসবাস কৰি অহা ভূমিখিনিৰ ম্যাদীকৰণ কৰিব নোৱাৰিলে। ৰায়তী আইন ১৯৭১ অনুসৰি মঙলবাৰে তিনিওখন ৰাজহ গাঁৱৰ ১১৪গৰাকী ৰায়তে ৫ আৰু ৬নং ৰায়তী প্ৰ–পত্ৰ পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ হাতত অৰ্পন কৰে। বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে উদ্যোগ গ্ৰহণ কৰা মঙলবাৰৰ কাৰ্যসূচীত ৰাজহ গাঁওকেইখনৰ শ শ লোকে অংশ গ্ৰহণ কৰে।
উল্লেখ্য যে, বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ বিষয়ববীয়া সকলৰ লগত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে এক চমু আলোচনাত মিলিত হয়। এই আলোচনা কালত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে সদৰি কৰে যে, "বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ ভূমিৰ জৰীপ চলাবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি চক্ৰ বিষয়া গৰাকীয়ে বৰদুৱাৰ বাগানৰ ভূমিৰ পুনঃজৰীপ কাৰ্য চলাই আছে।" তেওঁ লগতে উল্লেখ কৰে যে "গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী কৰ্তৃপক্ষই চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৰদুৱাৰ বাগান ৰাজহ গাঁৱৰ ভূমিৰ ওপৰত বিতং তথ্য বিচাৰিছে। বৰদুৱাৰ টী এণ্ড টিম্বাৰ কোম্পানীয়ে ১৯২২ চনৰ পৰা ২০২২লৈ ৯৯ বছৰৰ বাবে লোৱা লীজ মতে এতিয়াও বাগিচাখন কোম্পানী কৰ্তৃপক্ষই চলাই আহিছে। অতি শীঘ্ৰে বাগিচাখনৰ ভূমি অসম চৰকাৰে ক্ৰয় কৰিব।" উল্লেখ্য যে, ৰায়তী প্ৰ–পত্ৰ সমূহ কামৰূপ জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰিব। লগতে অতি শীঘ্ৰে সংশ্লিষ্ট গাঁও সমূহ পৰিদৰ্শন কৰিব বুলিও চক্ৰ বিষয়াগৰাকীয়ে ব্যক্ত কৰে।