তেজ প্ৰতাপ যাদৱৰ বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানি

কিছুদিন পূৰ্বে অনুষ্কা যাদৱৰ সৈতে সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পাছতে তেজ প্ৰতাপক দল আৰু ঘৰৰ পৰা বহিষ্কাৰ কৰা হৈছিল। দুয়োৰে সম্পৰ্কক লৈ অব্যাহত আছে অসন্তুষ্টি। যাৰবাবে দেৱানী আদালতৰ বাহিৰত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদ গোচৰৰ শুনানি

ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদ গোচৰৰ শুনানি

ডিজিটেল ডেস্কঃ এফালে অনুষ্কাৰ সৈতে সম্পৰ্কৰ চৰ্চা, আনফালে ঐশ্বৰ্য ৰায়ৰ সৈতে বিবাহ বিচ্ছেদ গোচৰৰ শুনানি। আজি ন্যায়ালয়ত লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজ প্ৰতাপ যাদৱ আৰু তেওঁৰ পত্নী ঐশ্বৰ্য ৰায়ৰ বিবাহ বিচ্ছেদ গোচৰৰ শুনানি হ’ব। কিছুদিন পূৰ্বে অনুষ্কা যাদৱৰ সৈতে সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পাছতে তেজ প্ৰতাপক দল আৰু ঘৰৰ পৰা বহিষ্কাৰ কৰা হৈছিল। দুয়োৰে সম্পৰ্কক লৈ অব্যাহত আছে অসন্তুষ্টি। যাৰবাবে দেৱানী আদালতৰ বাহিৰত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে। 

Advertisment

ইতিমধ্যে দেৱানী আদালতৰ মূল গেটৰ ৫০ মিটাৰ আগত বেৰিকেডিং কৰা হৈছে। আনকি সংবাদ মাধ্যমকো ইয়াৰ ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই। অনুষ্কা যাদৱৰ ভাতৃ আকাশ যাদৱৰ একাংশ সমৰ্থকেও আজি আদালতত উপস্থিত হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এনে পৰিস্থিতিত যাতে কোনো ধৰণৰ হুলস্থুল নহয় তাৰ বাবে সষ্টম হৈ আছে আৰক্ষী।

উল্লেখযোগ্য যে, লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা বিহাৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তেজপ্ৰতাপ যাদৱে ২০১৮ চনৰ ১২ মে’ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দাৰোগা ৰায়ৰ নাতিনী আৰু প্ৰাক্তন মন্ত্ৰী চন্দ্ৰিকা ৰায়ৰ কন্যা ঐশ্বৰ্য ৰায়ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এই বিবাহ দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে হৈছিল। কিন্তু বিবাহৰ মাত্ৰ ছমাহৰ পাছত ২০১৮ চনৰ ২ নৱেম্বৰত আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল তেজ প্ৰতাপে।

তেজ প্ৰতাপ লালু প্ৰসাদ যাদৱ