/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mahapanchayat.jpg)
ডিজিটেল ডেস্ক : এবাৰ সাপে খুটিলে কেচুলৈও ভয় । এই বাক্যশাৰী সচা বুলি প্ৰমাণিত কৰিলে দেশৰ কেন্দ্ৰীয় চৰকাৰে । সংযুক্ত কিষাণ মৰ্চাই আয়োজন কৰা 'মহাপঞ্চায়ত'এ এইবাৰ ভীতিৰ সৃষ্টি কৰিছে কেন্দ্ৰ চৰকাৰৰ বাবে । সোমবাৰে নতুন দিল্লীৰ যন্তৰ-মন্তৰৰ সন্মুখত দেশৰ বিভিন্ন অঞ্চলৰ পৰা অহা কৃষকসকলে দিনে দিনে বাঢ়ি অহা নিবনুৱা সমস্যাৰ বিৰুদ্ধে তথা বিগত বহুদিন ধৰি দাবী জনাই অহা নূন্যতম সমৰ্থন মূল্যৰ বাবে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে । তেনেস্থলত, দিল্লীৰ ওপৰিও ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চল সিংঘু, টিক্ৰি আৰু ঘাজিপুৰতো মোতায়েন কৰা হৈছে আৰক্ষী তথা সেনাৰ জোৱান ।আনহাতে, ২১ আগষ্টত কৃষক নেতা ৰাকেশ টিকাইতক দিল্লী আৰক্ষী বিভাগে ঘাজিপুৰ সীমান্তত আটক কৰে মহাপঞ্চায়তত অংশগ্ৰহণ কৰিবলৈ আহি থকা অৱস্থাত ।
উল্লেখ্য যে, জামিন লাভ কৰাৰ পাছত টুইটযোগে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে ৰাকেশ টিকাইতে । শেষ নিশ্বাস পৰ্যন্ত এই সংগ্ৰাম অব্যাহত ৰাখিব বুলি জনাই তেখেতে । ইয়াৰ ওপৰিও দিল্লী আৰক্ষী বিভাগে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কাম কৰি থকা বুলিও আপত্তি জনাই ৰাকেশ টিকাইতে ।
আৰু পঢ়ক :বিশিষ্ট সাহিত্যিক ডঃ লিলাধৰ ব্ৰহ্মৰ পৰলোকপ্ৰাপ্তি…