কৃত্ৰিম বুদ্ধিমত্তাৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানক লৈ গাম্ভীৰ্যপূৰ্ণ আলোচনা...

যোৱা ১৯ফেব্ৰুৱাৰী, ২০২৫ত কটন বিশ্ববিদ্যালয়ৰ তথ্য-প্ৰযুক্তি ,কম্পিউটাৰ বিজ্ঞান বিভাগ আৰু শ্বেয়াৰ (SHARE)ৰ উদ্যেোগত কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন দিশক লৈ এখনি আলোচন চক্ৰ অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
কটন

ডিজিটেল ডেস্কঃ যোৱা ১৯ফেব্ৰুৱাৰী, ২০২৫ত কটন বিশ্ববিদ্যালয়ৰ তথ্য-প্ৰযুক্তি ,কম্পিউটাৰ বিজ্ঞান বিভাগ আৰু শ্বেয়াৰ (SHARE)ৰ উদ্যেোগত কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন দিশক লৈ এখনি আলোচন চক্ৰ অনুষ্ঠিত হয়। গুৱাহাটীৰ হোটেল চৌনেল গ্ৰেণ্ডত অনুষ্ঠিত হোৱা এই সজাগতা বিষয়ক আলোচনা চক্ৰখনিত কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ সমাজলৈ অনা পৰৱৰ্তনৰ লগতে ভাবুকি তথা সুৰক্ষা বিষয়ক লৈ পুংখানুপুংখভাৱে আলোচনা কৰা হয়।

Advertisment
...

শেহতীয়াকৈ বিশ্বত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰাসাংগিকতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে যদিও ইয়াৰ পৰা মানৱ সমাজে ভৱিষ্যতে সন্মুখীন হব পৰা প্ৰত্যাহ্বানৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। ব্যৱসায়, স্বাস্থ্য, বেংকিং, অৰ্থনীতিৰ লগতে সকলো বিষয়ৰ সৈতে সাঙুৰ খাই পৰা কৃত্ৰিম বুদ্ধিমত্তাক লৈ আলোচনা চক্ৰখনিৰ আদৰণি ভাষণ প্ৰদান কৰে ড০ সমুদ্ৰ গুপ্ত কাশ্যপে। 

,,,,,,,,,

কটন বিশ্ববিদ্যালয়ক উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই শৈক্ষিক দিশত কৃত্ৰিম বুদ্ধিমত্তাই পেলাবলগীয়া প্ৰভাৱৰ সন্দৰ্ভত বিস্তাৰিত বক্তব্য দাঙি ধৰে। কটন বিশ্ববিদ্যালয়ৰ তথ্য-প্ৰযুক্তি আৰু কম্পিউটাৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ হিতেন চৌধুৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কি কি সুবিধা আৰু কি কি প্ৰত্যাহ্বান মানৱ সমাজে সন্মুখীন হব পাৰে তাক লৈ বক্তব্য ৰাখে। 

উল্লেখ কৰা প্ৰয়োজন যে, এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কেইবাখনো বিশ্ববিদ্যালয়ে অংশ লোৱাৰ লগতে বহুকেইগৰাকী গৱেষকে কৃত্ৰিম বুদ্ধিমত্তাক লৈ যথেষ্ট গভীৰ আৰু অৰ্থৱহ বক্তব্য দাঙি ধৰে। 

কটন বিশ্ববিদ্যালয়