/asomiyapratidin/media/media_files/2025/07/15/web-ap-manipur-1-2025-07-15-22-08-14.jpg)
ডিজিটেল সংবাদ শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত পুনৰ বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। মণিপুৰ আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছে মঙলবাৰে মণিপুৰৰ চাৰিখন পাহাৰীয়া জিলাত যুটীয়া অভিযান চলাই জব্দ কৰিছে বিভিন্ন ধৰণৰ মুঠ ৮৬ বিধ অবৈধ মাৰণাস্ত্ৰ, প্ৰচুৰ পৰিমাণৰ গুলী আৰু বিস্ফোৰক সামগ্ৰী।
মণিপুৰৰ ডিজিপি কাৰ্যালয়ে সদৰি কৰা অনুসৰি, মঙলবাৰে পুৱা ইম্ফল ইষ্ট, ইম্ফল ৱেষ্ট, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাৰ বিভিন্ন স্থানত লুকুৱাই ৰখা অবৈধ অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ এই মাৰণাস্ত্ৰ সমুহ উদ্ধাৰ কৰে। অভিযান কালত - AK Seriesৰ ৫টা ৰাইফল, ইনছাছ ৰাইফল ৩ টা, এছএআৰ ১৬ টা, থ্ৰি জিৰো থ্ৰি ৰাইফল ৫টা, পিষ্টল -১৯ টা কাৰ্বাইন ২টা, ৰাইফলছ ৯টা, এছবিবিএল একচন ৰাইফল ১৬টা, এন্টি-ৰিয়ট গান ২টা,বল্ট একচন গান ৬ টা, মর্টাৰ ১টা সহ মুঠ ৮৬ টা মাৰণাস্ত্ৰ জব্দ কৰা হয়।
একেদৰে, বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰীও জব্দ কৰে নিৰাপত্তা বাহিনীয়ে। জব্দ কৰা বিস্ফোৰক সমুহৰ ভিতৰত ৯টা গ্ৰেনেড, ৪১টা মেগজিন, ৫২৬টা ছেভেন পইন্ট ছিক্স টু পিষ্টলৰ সজীৱ গুলী, ২২৬টা ফাইভ পইন্ট ফাইভ ছিক্স পিষ্টলৰ সজীৱ গুলী, ১৯০টা থ্ৰি জিৰো থ্ৰি পিষ্টলৰ গুলী, ৪টা IED সহ মুঠ ৯৭৪টা বিস্ফোৰক জব্দ কৰা হয়। এই অভিযানে মণিপুৰত শান্তি ঘূৰাই অনা, ৰাইজৰ মাজত শান্তি শৃংখলা ৰক্ষা কৰা আৰু নাগৰিকৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে নিৰাপত্তা বাহিনীৰ এক বৃহৎ সাফল্য বুলি বিবেচিত হৈছে। অবৈধ অস্ত্ৰৰ সৈতে জড়িত যিকোনো সন্দেহজনক কাৰ্য্যকলাপ বা তথ্য পালেই নিৰাপত্তা বাহিনীৰ সৈতে সহযোগিতা কৰিবলৈ অথবা নিকটতম আৰক্ষী থানাত খবৰ দিবলৈ ৰাইজক আহ্বান জনাইছে মণিপুৰ আৰক্ষীয়ে।