Advertisment

শ্বেয়াৰ বজাৰৰ উত্থান-পতনৰ মাজতো ছিকিউৰিটিজ লেনদেন কৰ ৭৫ শতাংশলৈ বৃদ্ধি

শ্বেয়াৰ বজাৰ অৱনমিত হোৱা লগতে ২০২৪ বৰ্ষৰ জুলাই আৰু ডিচেম্বৰ সময়ছোৱাত পুনৰ উৰ্ধমুখী হয়। কিন্তু জুলাই মাহৰ পৰা এছটিটি সংগ্ৰহ বৃদ্ধি পায়। শ্বেয়াৰ বজাৰৰ তীব্ৰ উত্থান-পতনৰ মাজতো এছটিটি সংগ্ৰহৰ বৃদ্ধি অব্যাহত আছিল। 

author-image
Asomiya Pratidin
New Update
xvxvxv

ডিজিটেল ডেস্কঃ  শ্বেয়াৰ বজাৰৰ উত্থান-পতনৰ মাজতো আহিছে এক ভাল খবৰ। শ্বেয়াৰ বজাৰে চলিত বৰ্ষৰ ১২ জানুৱাৰীলৈকে ছিকিউৰিটিজ ট্ৰেন্সজেকচন কৰ (এছটিটি) সংগ্ৰহ ৭৫ শতাংশলৈ বৃদ্ধি পাই ৪৪,৫৩৮ কোটি স্পৰ্শ কৰে। ২০২৪ চনৰ একে সময়ছোৱাত এই সংখ্যা আছিল মাত্ৰ ২৫,৪১৫ কোটি টকা।

Advertisment

২৩ জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২৪-২৫ চনৰ বাজেটত ছিকিউৰিটিজৰ এফ এণ্ড অ’ৰ ওপৰত এছটিটি দুগুণ কৰাৰ প্ৰস্তাৱ দিছিল, যিটো ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়।

কিন্তু জুলাইৰ পৰা এছটিটি সংগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শ্বেয়াৰ বজাৰ অৱনমিত হোৱা লগতে ২০২৪ বৰ্ষৰ জুলাই আৰু ডিচেম্বৰ সময়ছোৱাত পুনৰ উৰ্ধমুখী হয়। কিন্তু জুলাই মাহৰ পৰা এছটিটি সংগ্ৰহ বৃদ্ধি পায়। শ্বেয়াৰ বজাৰৰ তীব্ৰ উত্থান-পতনৰ মাজতো এছটিটি সংগ্ৰহৰ বৃদ্ধি অব্যাহত আছিল। 

২০২৪ চনৰ ১১ জুলাইত ১৬,৬৩৪ কোটি টকা এছটিটি সংগ্ৰহ কৰাৰ বিপৰীতে ১০ অক্টোবৰত ৩০,৬৩০ কোটি, ১০ নৱেম্বৰত ৩৫,৯২৩ কোটি আৰু ১৭ ডিচেম্বৰত ৪০,১১৪ কোটি টকালৈ স্পৰ্শ কৰে।

শ্বেয়াৰ বজাৰ