/asomiyapratidin/media/media_files/2025/06/10/Z7SuuhfO9edI8kt3c9Ku.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে ধুবুৰীৰ পৰিস্থিতি। মঙলবাৰে বিয়লি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা প্ৰত্যাহাৰ কৰা বুলি জাননী জাৰি কৰিছে ধুবুৰী জিলা প্ৰশাসনে।
ধুবুৰীৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে পৰ্যালোচনা সভা কৰাৰ পিছতে এই সিদ্ধান্ত ধুবুৰী জিলা প্ৰশাসনৰ। আজি ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে সাংবাদিকৰ আগত এই কথাৰ সদৰী কৰিছে।
উল্লেখযোগ্য যে, সোমবাৰৰ পৰা ধুবুৰী চহৰত জাৰি কৰা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা আজি প্ৰত্যাহাৰ কৰাৰ বিষয়ে ধুবুৰী জনসংযোগ বিভাগৰ জৰিয়তে মাইকযোগে ঘোষণাও কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us