/asomiyapratidin/media/media_files/2025/05/02/mdpe2Ei4qb5J7Syr25Wg.jpg)
আজৱ ঘটনা
ডিজিটেল সংবাদ, গোগামুখ : গোগামুখত সংঘটিত হৈছে এক আজৱ ঘটনা। গোগামুখৰ এটা ভোটকেন্দ্ৰত মাইনা মিলি নামৰ মহিলা গৰাকীৰ নামত ভোট দিলে আন এগৰাকী মহিলাই। গোগামুখৰ মহৰিকেম্প প্ৰাথমিক বিদ্যালয়ৰ ১৫৯ নং ভোটকেন্দ্ৰত সংঘটিত হৈছে এই আজৱ ঘটনাটো।
উল্লেখযোগ্য যে, মাইনা মিলি আছিল চিকুণ্ডৰ মিলি নামৰ ব্যক্তি গৰাকীৰ প্ৰথমা পত্নী। কিন্তু মাইনা মিলিৰ ভোটটো দিলে চিকুণ্ডৰ মিলিৰ দ্বিতীয় পত্নীয়ে। ভোট দিবলৈ ভোটকেন্দ্ৰত উপস্থিত হৈ তেওঁৰ নামৰ ভোটটো ইতিমধ্যে সাব্যস্ত হোৱা বুলি গ'ম পাই অভিযোগ উত্থাপন কৰে মাইনা মিলিয়ে। পৰৱৰ্তী সময়ত পৰিস্থিতি অন্য ৰূপ লোৱাৰ উমান বুজি মাইনা মিলিক পুনৰ ভোট দিবলৈ দিয়া হ'য় যদিও কিদৰে এগৰাকী ব্যক্তিৰ নামত দুবাৰকৈ ভোট দিবলৈ দিয়া হ'ল তাকে লৈ বিতৰ্কৰো সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে।