/asomiyapratidin/media/media_files/2025/05/06/69CvXcYGUzITfK8O3IeQ.jpg)
কাইলৈ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন : ধুবুৰীত বেলট বাকচ সংগ্ৰহ প'লিং আৰু প্ৰিজাইডিং বিষয়াৰ
ডিজিটেল সংবাদ, ধুবুৰী : কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ জিলা প্ৰশাসনৰ সমান্তৰালকৈ সাজু হৈছে ভোটাৰ ৰাইজ।
ধুবুৰী জিলাৰ ১৪৬৫ টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পোলিং, প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ দল। কাইলৈ ৪৪৮৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব বেলট বাকচত। ১০,৫২৪৫২ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৪৪৮৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
কাইলৈৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটকেন্দ্ৰৰ বেলট বাকচসমুহ বিতৰণ কৰা হৈছে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ পৰা। ইপিনে মঙলবাৰে ধুবুৰী ভোলানাথ মহাবিদ্যালয়, গোলকগঞ্জ সমজিলা কাৰ্যালয় আৰু বিলাসীপাৰা সমজিলা কাৰ্যালয়ত বেলট বাকচ বিতৰণ কৰি থকা হৈছে। জিলাখনত মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ হৈছে ৩০ টা।