/asomiyapratidin/media/media_files/2025/05/04/rSiVUz87W4NLFsUXq1J7.jpg)
শ্ৰীমন্ত শংকৰদেৱ সংঘ, জোনাই জিলা শাখাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন
ডিজিটেল সংবাদ, চিলাপথাৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেলাম আঞ্চলিক শাখাৰ নামঘৰত দেওবাৰে দিনৰ ১০ বজা পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে মূলৰ সদস্য বদন বৰাই সামূহিক প্ৰাৰ্থনাৰ আঁত ধৰে ।
সভাত সভাপতিত্ব কৰে জিলা সভাপতি বিমান শইকীয়াই। ইয়াৰ পিচতে জিলাখনত বিগত দিনবোৰত মৃত্যু হোৱা সংঘৰ ব্যক্তিসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে অসুস্থসকলৰ সুস্বাস্থ কামনা কৰি এভাগি প্ৰাৰ্থনা আগবঢ়াই শৰণ সদস্য শুভ গগৈয়ে ।
সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই জিলা সম্পাদক লোকনাথ বৰদলৈয়ে । সভাত জিলা উপ-সভাপতি নন্দ বৰা ,মূলৰ সাহিত্য সমিতিৰ সদস্য থুলন চন্দ্ৰ বৰা, প্ৰাক্তন জিলা সভাপতি তোলন ফুকন, প্ৰাক্তন জিলা সম্পাদক নৰেশ্বৰ চুতীয়া, ব্ৰজেন গগৈ,প্ৰদীপ বৰুৱা, প্ৰচাৰ শাখাৰ সম্পাদক চন্দ্ৰ শইকীয়া, প্ৰাক্তন প্ৰচাৰ সভাপতি প্ৰেমানন্দ কাকতি , জিলা সদস্য ৰাম পেগু , আই মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী মনি বৰা উপস্থিত থাকে।
সভাত শৰণ সদস্য শুভ কান্ত গগৈয়ে আধ্যাত্মিক দিশত উপস্থিতসকলৰ আগত সুন্দৰ বক্তব্য আগবঢ়ায় । সভাত অহা জুলাই মাহৰ প্ৰথম সপ্তাহত চিলাপথাৰত সাহিত্য শাখাৰ এটি দুদিনীয়া কেন্দ্ৰীয় আৱাসিক কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
/asomiyapratidin/media/media_files/2025/05/04/rMPl0Be7KRgKFXH5Lm0A.jpg)
একেদৰে সভাই জিলা সাহিত্য শাখাৰ সভাপতি ভুবন দাসে প্ৰতি তিনি মাহৰ মূৰে মূৰে এখন ই-বাৰ্তালোচনী প্ৰকাশ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । সভাই আলোচনাৰ শেষত 'ভক্তি সাৰ' নামৰ এখন ই- আলোচনী প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ভুবন দাস আৰু পাৰ্থ প্ৰতীম বৰাক সম্পাদক হিচাপে লৈ এখন সম্পাদনা সমিতি গঠন কৰি দিয়ে।
আই-মাতৃ কল্যাণ সমিতি জিলা সম্পাদিকা মঞ্জু দাসে আই-মাতৃ কল্যাণ সমিতিৰ কৰ্মসূচী আৰু দিনপঞ্জী সভাত দাখিল কৰে আৰু সভাই গ্ৰহণ কৰে । সভাৰ পূৰ্বতে শপত গ্ৰহণ কৰা ৮ জন সদস্যক শপত গ্ৰহণ কৰাই সভাপতি বিমান শইকীয়াই ।