চন্দ্ৰযান-২ৰ সফল যাত্ৰা অব্যাহতঃ প্ৰৱেশ কৰিলে মহাকাশৰ দ্বিতীয় কক্ষত…

চন্দ্ৰযান-২ৰ সফল যাত্ৰা অব্যাহতঃ প্ৰৱেশ কৰিলে মহাকাশৰ দ্বিতীয় কক্ষত…

author-image
asomiyapratidin
New Update
চন্দ্ৰযান-২ৰ সফল যাত্ৰা অব্যাহতঃ প্ৰৱেশ কৰিলে মহাকাশৰ দ্বিতীয় কক্ষত…

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণকাৰী সংগঠন ইছৰ'ই কয় যে- চন্দ্ৰযান-২ শুকুৰবাৰে পুৱতি নিশা সফলতাৰে মহাকাশৰ দ্বিতীয় কক্ষত প্ৰৱেশ কৰে। ইছৰ'ই জনায় যে- মহাকাশযানখন শুকুৰবাৰে নিশা প্ৰায় ১.১০ বজাত মহাকাশৰ দ্বিতীয় কক্ষত প্ৰৱেশ কৰে। ইয়াৰ বাবে ইছৰ'ই মহাকাশযানখনত সংযোগ হৈ থকা প্ৰণ'ড'ন প্ৰণালীৰ ব্যৱহাৰ কৰে। আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছিল ৮৮৩ ছেক্টেণ্ড সময়ৰ।

Advertisment


— ISRO (@isro) July 25, 2019

ইছৰ'ই জনোৱা মতে, মহাকাশযানখন ২৫২x৫৪,৮২৯ কিঃমিঃৰ কক্ষত প্ৰৱেশ কৰেশুকুৰবাৰে পুৱতি নিশা। লগতে তেওঁলোকে জনায় যে, মহাকাশত সকলো গতিবিধি ভবা ধৰণে চলিআছে। আৰু সম্ভৱত ২৯ জুলাইৰ দিনৰ ভাগত চন্দ্ৰযান-২ মহাকাশৰ তৃতীয় কক্ষত প্ৰৱেশকৰিবলৈ সক্ষম হ'ব।

উল্লেখ্য যে, ২২ জুলাইত আৰম্ভ হৈছিলচন্দ্ৰযান-২ৰ এই ঐতিহাসিক যাত্ৰা। মহাকাশযানখনত আছে ৮টা অৰ্বিট'ৰ, তিনিটা পেল'ডলেণ্ডাৰ (বিক্ৰম) আৰু দুটা পেল'ড ৰ'ৱৰ (প্ৰজ্ঞান)। এই যানখন চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱতঅৱতৰণ কৰা হ'ব আৰু ইছৰ'ই চন্দ্ৰৰ এই ধ্ৰুৱৰ সন্দৰ্ভত অধিক অধ্যয়ন কৰিব।