Advertisment

নৰ্থ ইষ্ট ফেষ্টিভেলৰ দ্বিতীয় দিনা সংস্কৃতিৰ চ'ৰাঘৰত পৰিণত নতুন দিল্লী

খাদ্যৰ বাহিৰেও নৰ্থ ইষ্ট ফেষ্টিভেলত উত্তৰ পূবৰ হস্ততাঁত আৰু হস্তশিল্পৰ আদৰ দেখা পোৱা যায়। সমগ্ৰ ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যতাৰ এখন ক্ষুদ্ৰ সংস্কৰণ হৈ পৰে ফেষ্টিভেলৰ বাকৰি

author-image
Asomiya Pratidin
New Update
NORTH EAST FESTIVAL

ডিজিটেল সংবাদ, নতুন দিল্লী : দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সফল সমাপ্তি ঘটিল। শনিবাৰ তথা দ্বিতীয় দিনাৰ অনুষ্ঠানত উপস্থিতসকলে সংগীত, নৃত্য, ছবিৰ অবিস্মৰণীয় অভিজ্ঞতা লৈ ওভতে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। 

Advertisment

ফেষ্টিভেলৰ দ্বিতীয় দিনা শীতৰ কোমল আৱেশৰ উম লৈ দিল্লীবাসীয়ে সোৱাদ ল'লে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অনন্য আয়োজন উত্তৰ পূবৰ অপূৰ্ব খাদ্য সম্ভাৰৰ। নাগালেণ্ড-অৰুণাচল-মণিপুৰৰ পৰম্পৰাগত খাদ্য বিপনীত ভিৰ কৰিলেহি বয়স নিৰ্বিশেষে উৎসাহী পৰ্যটকে। 

ফেশ্বন

নৰ্থ ইষ্ট ফেষ্টিভেলে প্ৰতি বছৰেই পৰ্যটকক উত্তৰ পূবৰ সুগন্ধিৰ সৈতে পৰিচয় কৰাই আহিছে যদিও এইবাৰৰ খাদ্য সম্ভাৰ যেন পূৰ্বতকৈ পৃথক। বিশেষকৈ মণিপুৰৰ ক'লা চাউলৰ সোৱাদযুক্ত পায়স, নেপালৰ লাফিং, নগা কিটচেনৰ ভাত-মাংসৰ অপূৰ্ব সোৱাদ, চিকিমৰ ম'ম', মেঘালয়ৰ খাদ্যসম্ভাৰে যেন সুকীয়া সোৱাদ দিলে। লগতে আছিল দিল্লীৰ স্থানীয় খাদ্যৰ মছলাযুক্ত স্বাদ। 

খাদ্যৰ বাহিৰেও নৰ্থ ইষ্ট ফেষ্টিভেলত উত্তৰ পূবৰ হস্ততাঁত আৰু হস্তশিল্পৰ আদৰ দেখা পোৱা যায়। সমগ্ৰ ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যতাৰ এখন ক্ষুদ্ৰ সংস্কৰণ হৈ পৰিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাকৰি। 

ফেশ্বন শ্ব'

আজিৰ অনুষ্ঠানত উপস্থিত অতিথিসকলক সম্ভাষণ জনাই বক্তব্য প্ৰদান কৰে মুখ্য আয়োজক শ্যামকানু মহন্তই। অনুষ্ঠানত উপস্থিত থাকে মিজোৰামৰ ক্ৰীড়া আৰু দক্ষতা উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী লাংঘিংগ্লভা মাৰ, ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয় (হস্তশিল্প বিকাশ আয়ুক্ত) অমৃত ৰাজ। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১২সংখ্যক সংস্কৰণৰ অন্যতম আছিল নৰ্থ ইষ্ট ফেষ্টিভেল এচিভমেণ্ট এৱাৰ্ড। নিজৰ কৰ্মৰাজিৰে উত্তৰ পূবৰ নাম দেশজুৰি জিলিকাই তোলা কিছু সংখ্যক বিশিষ্ট ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হয়। 

shyamkanu mahanta

দ্বিতীয়া দিনা বিশিষ্ট অভিনেত্ৰী তথা পৰিচালক আইমী বৰুৱাক আজি নৰ্থ ইষ্ট ফেষ্টিভেল এচিভমেণ্ট এৱাৰ্ডেৰে সন্মানিত কৰা হয়। অনুষ্ঠান সন্দৰ্ভত শ্যামকানু মহন্তই মন্তব্য কৰে- "মানুহৰ সৈতে মানুহৰ সংযোগত সংগীতে অবাধ ভূমিকা পালন কৰে। ভাষা নুবুজিলেও আমি সুৰ বুজো। 

আজিৰ সংগীত সন্ধিয়াৰ প্ৰতিটো প্ৰদৰ্শন অন্তৰৰ পৰা অন্তৰলৈ একেডাল সূতাৰে বান্ধ খাই আছিল। নৰ্থ ইষ্ট ফেষ্টিভেল কেৱল উত্তৰ পূবৰ বৈভৱ প্ৰদৰ্শনৰ বাবেই বিশেষ নহয়। ই বিশেষ কাৰণ ইয়াত একেখন মঞ্চৰ তলতে সকলোৱে আমাৰ বৈচিত্ৰ্যতাক অনুধাৱন কৰি উদযাপন কৰিব পাৰে। মঞ্চকপোঁৱা সংগীতৰ পৰা প্ৰতিখন বিপনী বা প্ৰতিটো খাদ্যসম্ভাৰ উত্তৰ পূবক মজ্জাগত কৰিবলৈ যথেষ্ট" বুলি মন্তব্য কৰে। 

ZUBEEN GARG

ৱান ইণ্ডিয়া উৎপাদ লিমিটেডৰ ব্যৱসায় বিকাশ প্ৰৱন্ধক তথা গুৱাহাটীৰ মহিলা উদ্যোগী লিজা ভট্টাচাৰ্যই নৰ্থ ইষ্ট ফেষ্টিভেল সন্দৰ্ভত উৎসাহী মন্তব্য আগবঢ়ায়- "দিল্লীত উত্তৰ পূবৰ জৈৱিক ফল আৰু পাচলিৰ সাংঘাতিক চাহিদা আছে। বৃহৎ সংখ্যক গ্ৰাহকৰ সৈতে সংযোগ কৰিবলৈ এইখন অতি উপযুক্ত মঞ্চ। এইবাৰ মই প্ৰথমবাৰ অংশ লৈছো যদিও বহুতৰ মুখতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ভিৰৰ কথা শুনিছো। 
লগতে কয়- দিল্লীত ইতিমধ্যে আমাৰ এখন বিপনী আছে। আমি নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লৈছো, কাৰণ ইয়াৰ জৰিয়তে আমাৰ নতুন ব্ৰেণ্ড 'ৱান ইণ্ডিয়া অৰ্গেনিক'ৰ প্ৰসাৰত সুবিধা হ'ব বুলি ভাবিছো।  আমি প্ৰধানকৈ কাজী নেমু, জহা চাউল, ৰঙা চাউল, ভোট জলকীয়া আৰু খাৰ প্ৰদৰ্শন কৰিছো।" 

উল্লেখযোগ্য যে দেওবাৰে তিনিদিনীয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ সামৰণি পৰিব। অন্তিম দিনটোত পৰ্যটকে আৰু অধিক আনন্দ ল'ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজকমণ্ডলীয়ে।

নতুন দিল্লী নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল