উৰিয়ামঘাটত ভকতি প্ৰসাদ অনুষ্ঠানৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মণিকাঞ্চন প্ৰাথমিক শাখাৰ নামঘৰত ভকতি প্ৰসাদ অনুষ্ঠানৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি এদিনীয়া কাযসূচীৰে উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
CZCZCZC

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ ধনশিৰি জিলা শাখা অন্তৰ্গত সৰুপথাৰ দক্ষিণ সীমান্তত আঞ্চলিক শাখাৰ মণিকাঞ্চন প্ৰাথমিক শাখাৰ নামঘৰত দুলাল চন্দ্ৰ ফুকনৰ সেৱা আৰু আতিথ্যত ভকতি প্ৰসাদ অনুষ্ঠানৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এদিনীয়া কাযসূচীৰে উদযাপন কৰা হয়।

Advertisment

কাৰ্যসূচী অনুসৰি ৫.৩০ বজাত পৰিৱেশ নিকাকৰণৰ পিছত নামপ্ৰসঙ্গ, বৃক্ষ ৰোপণ কৰা হয়। ইয়াৰ পিছতে শ্ৰীমদ্ভাগৱত পাঠ উদ্বোধন কৰে দীপক ব্ৰক্ষ্মই। দিনৰ ১১.৩০ বজাত সঞ্জীৱ দত্তৰ অধ্যক্ষতাত অনুষ্ঠিত মুকলি সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূলৰ সদস্য গুণীৰাম বড়োৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক তথা অসম কণ্ঠ পৰিচালন সঞ্চালন কুশল ঠাকুৰীয়াকে ধৰি বহু বিষয়ববীয়াও উপস্থিত থাকে এই অনুষ্ঠানত।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ