গুৱাহাটীৰ পৰা মুম্বাইলৈ গৈ সন্ধানহীন বাইহাটা চাৰিআলিৰ ভাস্কৰ্য শিল্পী সনক কলিতা

গুৱাহাটীত প্ৰতিষ্ঠা লাভ কৰা কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী পাইকানা গাঁৱৰ বিশিষ্ট ভাস্কৰ্য শিল্পী সনক কলিতা যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
ভাস্কৰ্য শিল্পী সনক কলিতা সন্ধানহীন

ভাস্কৰ্য শিল্পী সনক কলিতা সন্ধানহীন

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলি : গুৱাহাটীত প্ৰতিষ্ঠা লাভ কৰা কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী পাইকানা গাঁৱৰ বিশিষ্ট ভাস্কৰ্য শিল্পী সনক কলিতা যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে প্ৰায় ৩০ বছৰ পূৰ্বে কামৰ সন্ধানত গুৱাহাটীলৈ গৈ ভাস্কৰ্য বিদ্যা আয়ত্ব কৰি সনক কলিতাই গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত একাধিক ভাস্কৰ্য নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত হৈ পৰিছিল। 

Advertisment

শেহতীয়াকৈ তেওঁ মহানগৰীৰ ভেটাপাৰাত নিজাকৈ ভাস্কৰ্য শিল্পৰ এক প্ৰতিষ্ঠানো গঢ়ি তুলিছিল। কিন্তু ৰহস্যজনকভাৱে যোৱা ডিচেম্বৰ মাহৰ শেষৰফালে ব্যৱসায় সংক্ৰান্তীয় কোনো কামত মুম্বাইলৈ যাও বুলি কৈ আজি পৰ্যন্ত ঘূৰি নাহিল। 

পৰিয়ালৰ লোকে জনোৱা মতে মাঘ বিহুৰ সময়ত মুম্বাইৰ পৰা ঘৰলৈ আহিব বুলি কৈছিল যদিও কাম শেষ  নোহোৱাত আৰু দুদিনমান থাকি একেবাৰে ১ ফেব্ৰুৱাৰীত অসম অভিমুখী ৰে’লত উঠিব বুলি কৈছিল। সেই সময়ছোৱাত প্ৰতিদিনে এবাৰকৈ হ’লেও ৮৮৭৬০১৬৪৪৬ নম্বৰটোৰ পৰা পৰিয়ালৰ লোকৰ সৈতে সনক কলিতাই যোগাযোগ কৰি আছিল। 

কিন্তু ১ ফেব্ৰুৱাৰীত জ্যেষ্ঠ ভাতৃ ভূপেন কলিতাই ৰে’লত উঠিল নে নাই সেই খবৰ ল’বলৈ বুলি ফোন কৰোতে ফোন ছুইটছ অফ পায়। তেতিয়াৰে পৰা আজিলৈ ফোনটো অফ হৈয়ে আছে। ঘটনা সন্দৰ্ভত সনক কলিতাৰ ব্যৱসায়িক প্ৰতিষ্ঠান থকা ভেটাপাৰা অঞ্চলৰ আৰক্ষী থানা বশিষ্ঠ থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও বহিঃৰাজ্যৰ পৰা সন্ধানহীন হোৱা মানুহক আমি কেনেকৈ বিচাৰি উলিয়াম বুলি কৈয়েই গা এৰা দিয়া বুলি অভিযোগ উত্থাপিত হৈছে। 

সেয়ে পৰিয়ালৰ লোকে সুদূৰ মুম্বাইলৈ গৈ সন্ধানহীন হৈ থকা ভাস্কৰ্য শিল্পী সনক কলিতাৰ সন্ধান উলিয়াই দিয়াৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী-প্ৰশাসনৰ লগতে চৰকাৰক অনুৰোধ জনাইছে। লগতে যদি কোনো সদাশয় লোকে বগা বৰণৰ,  ৪.৭ ফুট উচ্চতাৰ, দাড়ি থকা সনক কলিতাৰ সন্ধান লাভ কৰে তেন্তে ৯৯৫৪৬৮০৮৮৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

ভাস্কৰ্য শিল্পী সনক কলিতা সন্ধানহীন
ভাস্কৰ্য শিল্পী সনক কলিতা সন্ধানহীন

 

Assam police baihata chariali mumbai