/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/5e777b92-b248-41db-a3ec-c205e77eb75c.jpg)
♦ মৃদুল কুমাৰ সন্দিকৈ
আহক এওঁক প্ৰশ্ন সুধিব। কি সুধিব আপুনি? মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ নাম নে ৰাজ্যপালৰ নাম সুধি তেওঁৰ জ্ঞানৰ উমান ল'ব আপুনি? কিন্তু সাৱধান, তেওঁক প্ৰশ্ন কৰিবলৈ আহোতে নিজেও অলপ পঢ়ি আহিব। ইচ্ছা কৰা হ'লে তেওঁ বিদেশত এটা ভাল দৰমহাৰ চাকৰিৰে বিলাসী জীৱন কটাব পাৰিলে হয়। তেওঁৰ জীৱনপঞ্জী এইখন-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/baar-biodata.jpg)
নাম তেওঁৰ ৰীণা পাটোৱাৰী। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আন সাধাৰণ প্ৰাৰ্থীৰ দৰে তেওঁক সাধাৰণ জ্ঞানৰ প্ৰশ্ন কৰাৰ আগতে ১০ বাৰ ভাৱক। তাৰ আগতে তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে জানি লওঁক। বাইহাটা চাৰিআলিৰ বিহদিয়াত এই ছোৱালীজনীৰ জন্ম হৈছিল ১৯৮০চনৰ ১২ জানুৱাৰীত। সৰুৰে পৰা পঢ়া-শুনাত চোকা আছিল তেওঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত অ'নাৰ্ছ লৈ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত ইংৰাজীতেই স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। তাৰ পাছত পুণে বিশ্ববিদ্যালয়ৰ পৰা কমিউনিটী ডেভলপমেন্ট বিষয়ত এম এছ ডব্লিউ ডিগ্ৰী গ্ৰহণ কৰি গুচি গৈছিল আমেৰিকালৈ। আমেৰিকাৰ কেন বিশ্ববিদ্যালয়ৰ সন্মানীয় এম পি এ ডিগ্ৰী গ্ৰহণ কৰি আমেৰিকাৰ বিভিন্ন প্ৰতিষ্ঠানত চাকৰিও কৰিছিল। কিন্তু তেওঁৰ ইচ্ছা আছিল সমাজসেৱা কৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/c2cb0303-7016-40e2-8ff9-0055be04f27a.jpg)
বিদেশৰ লাহ-বিলাস জীৱনত তেওঁ অভ্যস্থ হ'বলৈ বিচৰা নাছিল। সেয়েহে ঘূৰি আহিছিল গাঁওখনলৈ। আৰম্ভ কৰিছিল হাতে-কামে লাগি কিবা এটা কৰাৰ অভিপ্ৰায়েৰে 'সাৰথি' নামৰ এটা এন জি অ'। হাঁহ-কুকুৰা পুহি অঞ্চলটোৰ নিবনুৱা সমস্যা সমাধানৰ বাবে হাতে-কামে লাগি গৈছিল। কেবাটাও প্ৰজাতিৰ হাঁহ-কুকুৰা আদি পুহিছে নিজাকৈ। ক'ত আমেৰিকাৰ বিলাসী জীৱন আৰু ক'ত বাইহাটা চাৰিআলিৰ এই জীৱন সংগ্ৰাম।
মেম হ'ব তেওঁ নোৱাৰিলে। অসমীয়াত্বৰে হাতে-কামে লাগি জীৱনক আগুৱাই নিব খোজা সমাজ সেৱাকে জীৱনৰ লক্ষ্য কৰি লোৱা সপোনটো তেওঁ পূৰণ কৰাৰ বাবে বহু লোভনীয় চাকৰি তেওঁ বাদ দিছে।
ডাউন টাউন বিশ্ববিদ্যালয়ত তেওঁ অধ্যাপনাও কৰিছিল। এছ আই পি আৰ ডিৰ সমল ব্যক্তি ৰূপেও কাম কৰিছে। আমেৰিকাকে ধৰি দেশৰ কেবাটাও কোম্পানীত গুৰুত্বপূৰ্ণ পদবীত তেওঁ আছিল। এবাৰ তেওঁ ভাৰতীয় অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাতো উত্তীৰ্ণ হৈছিল।
ইমানবোৰ ডিগ্ৰী, সংস্থাপনৰ পথ মুকলি থকাৰ পাছতো তেওঁ সেইবোৰক আওকাণ কৰি বাচি লৈছে সমাজ সেৱাক জীৱনৰ লক্ষ্য ৰূপে। তেওঁৰ পিতৃ আছিল এখন মহাবিদ্যালয়ৰ অধ্যাপক। কলেজত ৰাজনীতি বিজ্ঞান পঢ়াইছিল দেউতাকে। তেওঁৰ স্বামী ৰমেন বৰুৱাও ৰাজনীতি বিজ্ঞানৰে ছাত্ৰ আছিল। ৰাজনীতি তেওঁৰ প্ৰিয়। মূল্যবোধৰ ৰাজনীতি কি তেওঁ বুজি পায়। বিলাসীতাৰে পূৰ্ণ জীৱন তেওঁৰ বাবে কাম্য নাছিল। সেয়েহে সকলো বাদ দিছিল। ঘৰৰ কাম তেওঁ নিজেই কৰে। একমাত্ৰ কন্যাক সময় দিয়ে, ঘৰৰ বাচন-বৰ্তন, কাপোৰ-কানি নিজেই ধোৱে। তাৰ প্ৰমাণ এইবোৰ-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/f8b0f8f4-8035-4d91-aa83-b4f84b545f73.jpg)
দেওবাৰৰ দিনা আমি তেওঁৰ পিছ লৈছিলো। তিনিজনকৈ ব্যক্তিৰ জৰিয়তে তেওঁ কোৱা কথাবোৰ সঁচানে তাৰ প্ৰমাণ চাবলৈ আমি পুৱাৰে পৰা তেওঁক নিৰীক্ষণত ৰাখিছিলো। ৰাতিপুৱাই শুই উঠি তেওঁ হাতত ঝাৰু তুলি লৈছিল, বাচন-বৰ্তন ধুইছিল। কন্যাক সাজি-কাচি উলিয়াইছিল। তাৰ পাছতেই আৰম্ভ হৈছিল তেওঁৰ আচল ৰুটিন।
এই সকলোখিনি কৰাৰ পাছত তেওঁ সাজু হৈছিল নিৰ্বাচনী সভাত যাবলৈ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত কামৰূপৰ কমলপুৰ সমষ্টিৰ পূব কছাৰী মহলৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰূপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। বিজেপিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে। নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে এতিয়া। সেয়েহে তেওঁ ওলাই গৈছিল ঘৰৰ পৰা। ১১ বজাত এখন সভা আছিল। সাংসদ ৰমেন ডেকাও আহিছিল সেই সভালৈ।
এনেকৈয়ে ইখনৰ পাছত সিখন সভা কৰি তেওঁ আহি উপস্থিত হৈছিলহি বিহদিয়াত। তেতিয়া সময় ৪ বাজি গৈছিল। তেওঁৰ বাবে ৰৈ আছিল অগণনন লোক।
কথা তেওঁৰ স্পষ্ট। ব্যক্তিগত লাভালাভৰ বাবে তেওঁ অহা নাই ৰাজনীতি কৰিবলৈ। টকা ঘটাৰ ইচ্ছা থকা হ'লে তেওঁ বহুজাতিক কোম্পানীৰ চাকৰিয়ে কৰিলে হয়। গাড়ীৰ পৰা নামি তেওঁ আগবাঢ়ি গ'ল। মানুহবোৰে তেওঁক লৈ শ্ল'গান দিলে। আমি যে তেওঁৰ পিছা কৰি আছো সেই কথা তেওঁ জনা নাছিল। তেওঁ কোৱা কথাবোৰতকৈ তেওঁ কি কৰে ব্যৱহাৰিকভাৱে সেইবোৰ চাবলৈ আমাৰ ইচ্ছা গৈছিল। আমেৰিকাৰ বিলাসী চাকৰি এৰি কোনোবাই এনেদৰে পঞ্চায়ত নিৰ্বাচন খেলিব বুলি কোনেও বিশ্বাসেই কৰিব নোৱাৰে। তেওঁ প্ৰথম আগবাঢ়িল এখন দোকানলৈ। দোকানীবোৰক এফালৰ পৰা মাত মাতি গ'ল। তেতিয়াও নিৰ্বাচনী সভাখন তাত আৰম্ভই হোৱা নাছিল। মানুহেৰে ঠাহ খাই আছিল কাৰ্যালয়টো। কাৰ্যালয়টোৰ সমীপতে থকা দোকানীবোৰক তেওঁ মাত দি তাতেই লগ পোৱা এজন বৃদ্ধক ভৰি চুই সেৱা কৰিলে।
যাকেই লগ পাইছে তেওঁ, মিঠা হাঁহিটো মাৰি হাতযোৰ কৰি কৈছে- নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা। তেওঁৰ হাতত কেইখন মান সৰু প্ৰচাৰ পত্ৰিকা। সেইবোৰ দি গৈছে লগ পোৱা জনক। তেওঁ প্ৰচাৰ পত্ৰিকা দি যোৱাৰ পাছত ৰৈ থকা দুজনমান আদহীয়া মানুহৰ কাষত আমি ৰৈ তেওঁলোকে কি কয় শুনিলো। মানুহ কেইজনে কথা পাতিলে- 'বৰ চোকা ছোৱালী তাই। আমেৰিকাৰ পৰা ঘূৰি আহিছে সমাজ সেৱা কৰিবলৈ। এইবাৰহে আমি এগৰাকী ভাল প্ৰাৰ্থী পাইছো। কিমান ছিম্পুল দেখিলা।'
মানুহবোৰক কাৰ্ড বিলাই তেওঁ আগবাঢ়িল। গৈ সোমালগৈ এঘৰ মানুহত। আমি তেওঁৰ পাছে পাছে গ'লো। চোতালত উলিয়াই থোৱা আছিল কেবাখনো চকী। তাৰে এখনত বহি তেওঁ আইতা এগৰাকীৰ সৈতে কথা পাতিছে আত্মীয়তাৰে। আমি ভাবিলো এয়াই আমাৰ কথা পতাৰ সুযোগ। ইতিমধ্যে কেবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে তেওঁ। আমাৰ পৰিচয় দি তেওঁৰ পৰা কিছু সময় বিচাৰিলো। ভাগৰ যেন নাই তেওঁৰ দেহত। আমি তেওঁৰ পৰা কিছু কথা জানিব খোজিলো।
য'ত আছে তেওঁ তাতেই সুখী। পঞ্চায়তৰ জৰিয়তে ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হয়। কিন্তু পঞ্চায়তৰ জৰিয়তে এতিয়া দুৰ্নীতি কেন্দ্ৰীভূত হৈছে। কথাবোৰ ভাৱেনে তেওঁ? তেওঁৰ ভৱিষ্যতৰ লক্ষ্য আৰু কি? এনে কিছু কথাই তেওঁক সুধিলো। তেওঁৰ অভিজ্ঞতা, অধ্যয়নপুষ্টৰ মন আৰু সমাজৰ প্ৰতি থকা দায়ৱদ্ধতাৰে সেই প্ৰশ্নৰ উত্তৰ দিলে।
আমি তেওঁক সুধিব বিচৰা নাছিলো অবান্ত কিছু প্ৰশ্ন। হয়তো তেওঁৰ জ্ঞানৰ গৰিমাৰ ওচৰত বহুজন তুচ্ছ হ'ব। ব্যতিক্ৰম নহম ছাগৈ আমিও। দৃষ্টিভংগী আৰু মানসিকতাৰ উমান ল'বলৈ আমি আন কিছু প্ৰশ্ন তেওঁক কৰিলো। সঁচা অৰ্থত জানিব বিচাৰিছিলো তেওঁৰ মনৰ কথা। কি ভাবি আহিছে তেওঁ ৰাজনীতিলৈ। এয়া নিচা নে সঁচা অৰ্থত সমাজসেৱা?
২০০৯চনৰ পৰা ২০১২চনলৈ তেওঁ আছিল আমেৰিকাত। আমেৰিকাৰ পৰা তেওঁ গুচি আহিছে অসমলৈ। পঞ্চায়ত নিৰ্বাচন খেলিছে আজি। চৌদিশে নৈতিকতাহীন ৰাজনীতি আৰু অবক্ষয় সমাজ ব্যৱস্থাত পাৰিবনে তেওঁ তিষ্ঠি থাকিব? এই প্রশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ নিজকে উদাহৰণ কৰি লৈ তেওঁ কৈছিল- ৰাইজে যদি ভাল পায় মোক ভোট দিব। বেয়া পালে মোক প্ৰত্যাখান কৰিব।
নৈতিকতা আৰু জীৱনবোধৰ শিক্ষা তেওঁ পাইছিল পৰিয়ালটোৰ পৰা। সেই প্ৰেৰণাৰে তেওঁক অনুপ্ৰাণিত কৰে সদায়। প্ৰমূল্যবোধৰ এই যাত্ৰাত তেওঁ এক নিকা ভাবমূৰ্তিৰে আগুৱাই যাব খোজে। হাতে-কামে লাগিব খোজে সমাজৰ হকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/ংংংংংংংংংংংdfeb8f3a-102c-4c50-b190-d7790c05c4ef.jpg)
আজি তেওঁ এনেদৰে মানুহৰ মাজত আছে, মানুহৰ কথা কৈছে। পঞ্চায়ত নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অহাতো অঞ্চলবাসীৰ বাবে এক আশাৰ বতৰা। কিন্তু ক্ষমতা পোৱাৰ পাছত তেওঁ সলনি হ'ব নেকি? মানুহৰ মাজত থকা ৰীনা পাটোৱাৰীক মানুহে বিচাৰি হাহাকাৰ কৰিব লাগিব নেকি? বহু সময়তে এনে অভিজ্ঞতাৰে সন্মুখীন হয় ৰাইজ। এই কথা তেওঁক স্পষ্টকৈ সুধিলো।
পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এনে উচ্চ শিক্ষিত প্ৰাৰ্থী আগবাঢ়ি অহাতো শুভ লক্ষণ। এই পৰম্পৰাৰে আন কিছু লোক আগবাঢ়ি আহিলে তৃণমূল পৰ্যায়তে যথেষ্ট সংস্কাৰ হোৱাৰ সম্ভাৱনা আছে। শিক্ষিত হ'লেই তেওঁক উপযুক্ত বুলি হয়তো ক'ব নোৱাৰি। কিন্তু অভিজ্ঞতা আৰু ব্যতিক্ৰমী দায়িত্ববোধেৰে ৰীণা পাটোৱাৰীয়ে যদি এই নিৰ্বাচনত জয়ী হয় এক পৰিৱৰ্তনকামী চিন্তা-চৰ্চাৰ জৰিয়তে তেওঁ দায়িত্ব পালন কৰিব পাৰিব বুলি ৰাইজ আশাবাদী।
যিসময়ত পঞ্চায়ত নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীসকলৰ জ্ঞানৰ নমুনাক সমল কৰি লৈ চৌদিশে কৌতুক সৃষ্টি হৈছে। সেই সময়ত এনে প্ৰাৰ্থীৰ গুণ-গৰিমা আৰু অভিজ্ঞতাৰ কথায়েও ব্যাপক চৰ্চা লাভ কৰিছে। ৰাজনীতিত এইদৰে চৰ্চা হৈ যে, ৰাজনীতি কৰিবলৈ আনুষ্ঠানিক শিক্ষা নালাগে। কিন্তু এতিয়া তথ্য-প্ৰযুক্তি আৰু সমগ্ৰ বিশ্বত হোৱা ব্যাপক পৰিৱৰ্তনৰ ফলস্বৰূপে গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি লোকসভা-বিধানসভালৈকে সকলোৱে এইবোৰ দিশত অভ্যস্থ হ'ব লাগিব। ব্যৱহাৰিকভাৱে মানুহৰ মাজলৈ গৈ মানুহৰ মনৰ কথা বুজিব পৰাকৈ তেওঁলোকে নিজকে গঢ়ি তুলিব লাগিব। অন্যথা নতুন প্ৰজন্ম বহু আগবাঢ়ি যাব আৰু আমাক প্ৰতিনিধিত্ব কৰা সকল সদায় পিছ পৰি যাব। এই আশাৰ সঞ্চাৰ কৰা ৰীণা পাটোৱাৰী এতিয়া সকলোৰে বাবে আদৰ্শ হোৱা উচিত।
কেৱল ক্ষমতাৰ বাবেই ৰাজনীতি নহয়। ৰাজনীতিত ক্ষমতাই শেষ কথা হৈ থকা নাই। নৈতিকতাবিহীন, অৰ্থ সৰ্বস্ব ৰাজনীতিৰ এদিন ইতি পৰিব। ৰাইজে বিচাৰিব উপযুক্ত প্ৰাৰ্থী। সেই পৰিৱৰ্তনকামী নতুন প্ৰজন্মৰ চিন্তাধাৰাৰ এক প্ৰতীক হৈ উজ্বলিছে আজি ৰীণা পাটোৱাৰী। তেওঁ কোন দলৰ সেয়া কোনেও বিচাৰ কৰা নাই। কিন্তু আমেৰিকাৰ পৰা আহি উচ্চ শিক্ষা গ্ৰহণ কৰি, প্ৰকৃতাৰ্থত সমাজৰ সেৱাৰ বাবে তেওঁ ওলাই অহাটোৱে এক আশাৰ বতৰা। সেয়েহে ৰাইজৰ মাজত সৃষ্টি হৈছে ইতিবাচক প্ৰতিক্ৰিয়া। ৰাইজে কৈছে- আমেৰিকাত পঢ়ি, দেশ-বিদেশৰ ভাল চাকৰি এৰি পঞ্চায়তৰ নিৰ্বাচন খেলিবলৈ ৰীণা অহাটো কম ডাঙৰ কথা।