/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/f3c82b86-f71e-4b7f-b520-d1d434f9fe54.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
স্বতঃস্ফূতভাৱে ৰাইজে কৈ দিলে- আমি বিজেপিৰ পক্ষত নাই। কোনোবাই যদি জোৰ কৰি আমাৰ মতৰ বিৰুদ্ধে যায়, তেন্তে আমি ইয়াতকৈ জংগী প্ৰতিবাদলৈ সঁহাৰি জনাম। শূন্য বাট-পথ, ব্যৱসায়িক প্ৰতিষ্ঠানত তলা, এয়া প্ৰতিবাদৰ ভাষা। অসমৰ পৰা বিদেশী খেদাম বুলি প্ৰতিশ্ৰুতি দি অসমলৈ বিদেশী আনিম বুলি কোৱা সকলক ইয়াতকৈ আৰু কি সকীয়নি লাগে?
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/lakhimpur-b6ea4abf-d56f-4bcc-8d9f-0c541cf5bf51.jpg)
কেৱল লখিমপুৰতে নহয়, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই প্ৰতিবাদৰ ভাষা। ৪৬টাতকৈ অধিক জাতীয় দল-সংগঠনে আহ্বান দিয়া ২৩ অক্টোবৰৰ বন্ধৰ মৰাণৰ প্ৰতিচ্ছবি এয়া। ৰাইজক কোনেও দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ কোৱা নাছিল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশী অসমত সংস্থাপন কৰিবলৈ সাজু হোৱা সকলক এই বন্ধৰ জৰিয়তে যোগ্য প্ৰত্যুত্তৰ দিলে ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/moran-axom-bandha-face-picxx.jpg)
স্কুল-কলেজ, চৰকাৰী কাৰ্যালয় সকলোতে বিষয়া-কৰ্মচাৰীৰ উপস্থিতি নিশ্চিত কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল, কঠোৰ সকীয়নি দিছিল। কিন্তু এইবোৰৰ কোনো এটাই কামত নাহিল। চৰকাৰৰ প্ৰত্যাহ্বান ৰাইজে গ্ৰহণ কৰিলে। ক'লে- তোমালোকে যিমানেই ৰঙা চকু নেদেখোৱা কিয় আমি জাতি-মাটি-ভেটিৰ অস্তিত্বৰ প্ৰতি সংকট আনিব পৰা সিদ্ধান্তৰ বিৰুদ্ধে থিয় হমেই।
আনকি এই ভাবুকিও দিয়া হৈছিল যে- চৰকাৰে বন্ধৰ সময়ত দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিলে ট্ৰেড লাইচেন্স বাতিল কৰা হ'ব। কিন্তু ৰাজ্যৰ প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিল। এতিয়া চৰকাৰে এই ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ সাহস নে নিজৰ ভুল শুধৰণি কৰিব? কিয়নো আন প্ৰান্তৰ কথা বাদেই, মহানগৰীতেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নিজাকৈয়ে জাতীয় সংকটৰ মুহূৰ্তত হিন্দু বাংলাদেশী নাগৰিকত্বৰ বিৰুদ্ধে থিয় দিলে।
এই বন্ধৰ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মঙলবাৰে অগপই লতাশিলৰ পৰা বাহিৰ কৰিলে এক বিশাল সমদল। বিজেপিৰ সৈতে চৰকাৰত থকা মিত্ৰ দল অগপই হুংকাৰ দিলে- যদি বিজেপিৰ পৃষ্ঠপোষকতাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হয় তেন্তে তেওঁলোকো বহি নাথাকে। প্ৰতিবাদী মিছিল বাহিৰ কৰি তাৰ এক আভাস দিলে অগপই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/21f607d0-2f18-4975-890d-0d7d2433cd54.jpg)
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগপৰ সমৰ্থকসকলে চৰকাৰক সকীয়নি দি জাতিধ্বংসী এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে। সকলো দিশৰ পৰাই অসম আন্দোলনৰ পাছত ব্যাপক প্ৰতিবাদত ৰাজ্য কঁপি উঠিল। এফালে বন্ধ, আনফালে হিন্দু বাংলাদেশী নাগৰিকক অসমলৈ ৰঙা দলিচা পাৰি আনিব খোজা বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদৰ ৰূপ এয়া।
এফালে অসম বন্ধ, আনফালে প্ৰতিবাদ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহিল ৰাইজ। মহানগৰীৰ লতাশিলৰ এই প্ৰতিবাদস্থলীলৈ আহোতে প্ৰতিবাদকাৰী সকল কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি? একেটা বিষয়ক লৈ এই দুই প্ৰতিবাদ। মহানগৰীৰ প্ৰতিবাদস্থলীলৈ অগপ সমৰ্থকক কঢ়িয়াই অনা এখন বাহনৰ চালকৰ ভাষ্য এয়া। বকোৰ পৰা তেওঁ আহিছে। কোনো সমস্যাৰ সন্মুখীন হোৱা নাই।
তাৰ মাজতেই আন এক দৃশ্য বন্দী হৈছিল কেমেৰাত। মঙলবাৰৰ অগপৰ প্ৰতিবাদী সমদল বাহিৰ হোৱাৰ পূৰ্বে লতাশিলত এজন লোকক অগপৰ একাংশ সমৰ্থকে প্ৰহাৰ কৰা দৃশ্য এয়া-
বিকাশ শৰ্মা নামৰ এই লোকজন বিজেপিৰ সমৰ্থক। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ তেওঁ ঘোৰ বিৰোধী। অগপই আয়োজন কৰা এই প্ৰতিবাদী সমদললৈ তেওঁ আহিছিল। তেওঁ নিবিচাৰে এই বিধেয়ক গৃহীত হওঁক। কিন্তু তেওঁ প্ৰতিবাদস্থলীত সত্যটো ক'বলৈ কৃপণালী কৰা নাছিল। অবৈধ বিদেশী নাগৰিকক লৈ সকলোৱে খেল খেলে। কংগ্ৰেছে এই বিষয়টোক লৈ সংখ্যালঘুসকলৰ পক্ষত থিয় হৈ বিদেশীক দেখিও নেদেখে। অসম আন্দোলনৰ পাছত বিদেশীক খেদিম বুলি কোৱা সকলেই চৰকাৰ গঠন কৰি বিষয়টো জীয়াই ৰাখিলে। কোনেও এতিয়া এইবোৰ কথা চিন্তা নকৰে। সকলো একেই। তাতেই ভুল হ'ল এই ব্যক্তিজনৰ।
সেই সত্যক মুকলিকৈ কোৱাৰ বাবেই এই লোকজনক অগপৰ সমৰ্থকে লতাশিল খেলপথাৰত প্ৰহাৰ কৰিলে। কিন্তু তেওঁলোকে সেই আৱেগেৰে জাতীয় সত্তাক ধৰি ৰাখিব নোৱাৰে কেতিয়াও। ইয়াৰ বাবে তেওঁলোকৰ নতুন চিন্তাৰ উন্মেষ আৰু পূৰ্বৰ ভুলৰ পৰা শিক্ষা লৈ আত্মসংশোধন কৰাৰ প্ৰয়োজন আছে। এজন বিজেপি সমৰ্থক তেওঁলোকৰ প্ৰতিবাদস্থলীলৈ স্বতঃস্ফূতভাৱে ওলাই অহাৰ অৰ্থ হ'ল- বিজেপিৰ প্ৰতি বিজেপিৰো মোহভংগ হৈছে।
এই প্ৰতিবাদ সম্পূৰ্ণ হোৱাৰ পাছত আমি তৃণমূল পৰ্যায়ৰ লোকসকলৰ মতামত আৰু ক্ষোভ জানিবলৈ গৈছিলো। তেতিয়া নেতাসকলৰ ভাষণ শেষ হৈছিল। চানমাৰি আহি পোৱা প্ৰতিবাদকাৰীসকলে ঘৰ অভিমুখে যাবলৈ গাড়ীত আহি বহিছিল। তেনে এজন প্ৰতিবাদকাৰীৰ স্পষ্ট কথা- তেওঁলোকে কেতিয়াও নিবিচাৰে সেই বিধেয়ক।
অগপ শেহতীয়াকৈ জাগি উঠিছে। বহু জাতীয় সংগঠন এতিয়াও ঘোৰ নিদ্ৰাত। এই সংকটৰ দিনত তেওঁলোকে সাংগঠনিক সংঘাততকৈ জাতীয় স্বাৰ্থক গুৰুত্ব দিব লাগিছিল। কিন্তু সেইসকলে সন্মিলিত এই প্ৰচেষ্টাৰ পৰা আঁতৰি আছে। তাক লৈও প্ৰশ্ন উঠিছে। একেদৰে অগপৰ নেতৃত্বই এফালে চৰকাৰত থাকি আনফালে প্ৰতিবাদ সাব্যস্ত কৰাৰ কিবা অৰ্থ আছেনে? সেই প্ৰশ্নৰ উত্তৰ দিলে এইজন অগপৰ তৃণমূল কৰ্মীয়ে।
মৰিগাঁৱৰ পৰা এখেত আহিছিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। এওঁৰ স্পষ্ট মত- এই বিধেয়ক প্ৰত্যাহাৰ হ'বই লাগিব। সাধাৰণ লোকসকলৰ এই মত কিন্তু চৰকাৰে শুনিব লাগিব। তেওঁলোক অগপ, বিজেপি বা যিদলৰ কৰ্মীয়ে নহওঁক, তেওঁলোকৰ মতামতত ৰাজনীতি নাই। গাড়ীত তেওঁ তেতিয়া বহি আছিল যাবলৈ। খিৰিকীৰে মূৰটো উলিয়াই তেওঁ কৈ গ'ল প্ৰতিবাদৰ কাৰণ আৰু ইয়াৰ সপক্ষে দিলে যুক্তি।
আৰু এইজন ৭০ বছৰীয়া বৃদ্ধ। কান্ধত গামোচাখন লৈ তেওঁ যাবৰ বাবে তেওঁৰ গাড়ীখন বিচাৰি আছিল। ডিব্ৰুগড়ৰ পৰা আহিছে তেখেত। সুধিলো- কিয় তেওঁ প্ৰতিবাদ কৰিবলৈ আহিছে? থুলমূলকৈ তেওঁ কোৱা কথাসমূহ হ'ল- এই বয়সতো মোৰ গাত জুই জ্বলিছে।ডেকা কালত হোৱা হ'লে মই কি কৰিলো হেঁতেন ক'ব নোৱাৰো। ঘৰৰ মানুহখিনি থাকিবলৈ ঠাই নাই। আকৌ এসোপা বিদেশী চপাই ল'ব খুজিছে ইহঁতে। আনিম বুলি ক'লেই আনিব দিম নেকি? হাতত যেতিয়া মেচিদা উঠিব, তেতিয়াহে তৌবা তৌবা দেখিব…।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/00a48b1e-903b-4a92-9d6f-4ebaef3d8122.jpg)
এয়াই আক্ষেপ, সাধাৰণ মানুহৰ আক্ষেপ, সাধাৰণ মানুহৰ ক্ষোভ। মহানগীৰৰ এইজন পাণদোকানী অসমীয়া নহয়। তেওঁৰ দোকান আজি বন্ধ আছিল। বন্ধত কোনোদিনেই তেওঁ দোকান বন্ধ কৰি পোৱা নাই। বিহাৰী সম্প্ৰদায়ৰ এই মানুহজনে স্বীকাৰ কৰিলে- এনে বন্ধ আগতে দেখা নাই। এয়াই বন্ধৰ আজিৰ প্ৰভাৱ। এই বন্ধ যে গণভিত্তি থকা কোনো সংগঠনে দিয়াৰ বাবে এনেদৰে সফল হৈছে সেয়াও কিন্তু নহয়। ৰাইজে এই সমস্যাক ভৱিষ্যতৰ বাবে এক প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰিছে। যাৰবাবে নিজাকৈয়ে এই বন্ধৰ সপক্ষে থিয় দিছে। এয়া তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন। চৰকাৰৰ স্থিতিৰ বিৰোধিতা।
আৰু এইজন প্ৰতিবাদকাৰী ঘৰলৈ উভতি যাবলৈ আহি পদপথত এইদৰে বহি আছিল। জাগীৰোডৰ পৰা তেওঁ আহিছে। অগপৰ তেওঁ তৃণমূল কৰ্মী। তেওঁৰ মতে- এই বিধেয়ক কেতিয়াও আইনত প্ৰণয়ন হ'বলৈ দিব নোৱাৰি। ইয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাই অগপ নেতৃত্বকো মুকলিকৈ ক'লে, প্ৰয়োজনত মন্ত্ৰীৰ পদ এৰক অতুল বৰা, কেশৱ মহন্ত।
বোকাখাতৰ পৰা অহা এই অগপৰ সমৰ্থকজনৰো একেই কথা- এই প্ৰতিবাদ তেওঁলোকে জাতীৰ স্বাৰ্থত কৰিছে। তেওঁৰ মন্তব্য- জাতীৰ স্বাৰ্থত আমি এইদৰে ৰাজপথলৈ ওলাই আহিছো।
আজি দিনটোত এফালে প্ৰতিবাদ, আনফালে বন্ধ। ঠিক যেন অসম আন্দোলনৰ সেই পৰিৱেশ ঘূৰি আহিছে। ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। এই দৃশ্য চৰকাৰে চকু মেলি চাওঁক। কূট-কৌশল ৰচনা কৰিও প্ৰতিবাদকাৰীক বাধা দিব নোৱাৰিলে। বন্ধক বিফল কৰিব নোৱাৰিলে চৰকাৰী ষড়যন্ত্ৰ ৰচিও। যি চেষ্টা এদিন হিতেশ্বৰ শইকীয়াইও কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/521841ea-75c6-409f-b188-0b128b7445ad.jpg)
এই বন্ধৰ প্ৰতি সমৰ্থন স্বতঃস্ফূত। দিনটোৰ বিক্ৰীৰে পৰিয়াল চলোৱা লোকেও বন্ধৰ প্ৰতি সমৰ্থন দিছে। অসমৰ পুৰণি ভাষিক সংখ্যালঘু লোকসকলেও চৰকাৰৰ এই স্থিতিক সমৰ্থন কৰিব পৰা নাই। অসমীয়া আৰু বঙালীৰ মাজত এক সংঘাতময় পৰিৱেশ যেন এতিয়া চৰকাৰে নিজাকৈয়ে সৃষ্টি কৰাৰ চেষ্টা কৰিছে। সেয়ে ৰাজপথত জ্বলিছে এই ক্ষোভৰ জুই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/7030e724-a696-4b74-9b3b-845bdf5cd6db.jpg)
বিজেপি নেতৃত্বাধীন চৰকাৰে বন্ধ বিফল কৰিবলৈ কঠোৰ নিৰ্দেশনা দিছিল। সেই নিৰ্দেশনা নামানিলে কৰ্মচাৰীয়ে। বাট-পথত সাধাৰণ মানুহতকৈ আৰক্ষীৰ সংখ্যা অধিক। মহানগৰীত স্বাভাৱিক জীৱনযাত্ৰাত বন্ধই প্ৰভাৱ পেলোৱা নাই বুলি এ এছ টি চিৰ চিটি বাছ চলাইছিল। সেইবোৰত উঠিবলৈ আজি ওলাই নাহিল মানুহ। সকলোৱে আন্তৰিকতাৰে জাতিৰ প্ৰতি আহিব পৰা এই ভাবুকিৰ প্ৰতি সচেতন। বিদেশী খেদিম বুলি কোৱা সকলে এতিয়া বিদেশী আনিবলৈ আইন কৰিবলৈহে সাজু হৈছে।
জাতি-মাটি-ভেটিৰ কথা কোৱা তথাকথিত জাতীয় নায়কসকলৰ চৰিত্ৰ ওলাই পৰিছে। এই সৰ্বাত্মক বন্ধ, প্ৰতিবাদ কোনে আহ্বান কৰিছিল সেয়া পাহৰি যাওঁক। কিন্তু মন কৰক এই সঁহাৰি ৰাইজে কিয় দিছে? ৰাইজৰ প্ৰতিবাদৰ ভাষা চৰকাৰে পঢ়িবলৈ শিকক। ২৩ অক্টোবৰৰ এই বন্ধ আৰু প্ৰতিবাদী সমদলৰ পাছত সাধাৰণ ৰাইজে কি কয় চৰকাৰে শুনক। অবৈধ বাংলাদেশীৰ পাছত অবৈধ হিন্দু বাংলাদেশীক আনি অসমত সংস্থাপিত কৰিবলৈ যি আইন প্ৰণয়ন কৰিবলৈ লৈছে, সেই আইনখনে অসমৰ থলুৱালোকক কেনেকৈ বিপন্ন কৰিব সেই কথাও ভাবক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us