Advertisment

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিজ্ঞানভিত্তিক কৰ্মশালা

শনিবাৰে আয়োজন কৰা কৰ্মশালাত অংশগ্ৰহণ কৰে বৃহত্তৰ অঞ্চলটোৰ ১০ খন বিদ্যালয়ৰ প্ৰায় ১৫ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীসহ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে। 

author-image
Asomiya Pratidin
New Update
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিজ্ঞানভিত্তিক কৰ্মশালা

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিজ্ঞানভিত্তিক কৰ্মশালা

ডিজিটেল সংবাদ, খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বালিকা বিদ্যালয়ত বিজ্ঞানভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হয়। শনিবাৰে আয়োজন কৰা কৰ্মশালাত অংশগ্ৰহণ কৰে বৃহত্তৰ অঞ্চলটোৰ ১০ খন বিদ্যালয়ৰ প্ৰায় ১৫ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীসহ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে। 

Advertisment

পৰিৱেশ শিক্ষা সম্পৰ্কীয় আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ আৰ্থ-সাহাৰ্যত অনুষ্ঠিত কৰা হয় এই কৰ্মশালাখনি। কৰ্মশালাৰ মূল বিষয়বস্তু হিচাপে গোটা, পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনা, কেঁচুসাৰ প্ৰস্তুত প্ৰণালী আৰু বৰষুণৰ পানী সংৰক্ষণৰ লগতে ইয়াৰ ব্যৱহাৰ আদি বিষয়ক লৈ প্ৰশিক্ষণ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলক। 

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিজ্ঞানভিত্তিক কৰ্মশালা
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিজ্ঞানভিত্তিক কৰ্মশালা

 

বিশেষকৈ কেঁচুসাৰ উৎপাদনৰ প্ৰণালী আৰু এই উৎপাদিত জৈৱিক সাৰৰ ব্যৱহাৰেৰে কৃষক ৰাইজক কিদৰে লাভাম্বিত কৰিব, সেই সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ লগতে সাম্প্ৰতিক সময়ত গোটা পেলনীয়া জাৱৰ-জোঁথৰ অথবা প্লাষ্টিকজাতীয় সমগ্ৰীয়ে জলবায়ু বিনষ্ট বা প্ৰদূষণ সৃষ্টি কৰি থকাৰ সময়ত কিদৰে এইসমূহ গোটা পেলনীয়া সামগ্ৰীক আন এক নতুন ৰূপ দি পুনৰ ইয়াক উচিত আৰু ব্যৱহাৰযোগ্য কৰিব পাৰি সেই বিষয়েও বিশদভাৱে কৰ্মশালাৰ যোগেদি প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষকে। 

উল্লেখযোগ্য যে ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহ, পশ্চিম কাৰ্বি আংলং জিলাৰ সভাপতি অতুল শৰ্মাই উক্ত কৰ্মশালাৰ শুভ উদ্বোধন কৰে। কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰংখাং খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্নয়ক বীৰেন ডেকাই। লগতে কৰ্মশালাত সমল ব্যক্তি তথা প্ৰশিক্ষক হিচাপে অমৰেন্দ্ৰ বৈশ্য, সুনীল বুঢ়াগোহাঁই আৰু নন্দালাল যাদৱ উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ উপৰি শেহতীয়াকৈ পৰিৱেশ ৰক্ষাৰ বাবে বহনক্ষম ব্যৱস্থাপনাৰ বিষয়ে বিশদভাৱে আলোচনা আৰু তথ্য দাঙি ধৰে।

workshop