Advertisment

মঙলদৈৰ ভূপেন্দ্ৰ নাৰায়ণ দেৱ জাতীয় বিদ্যালয়ৰ ‘বিদ্যালয় সপ্তাহ’ৰ সামৰণি

দৰং জিলাৰ জাতীয় বিদ্যালয় আন্দোলনৰ অন্যতম গুৰিধৰোঁতা শিক্ষানুষ্ঠান মঙলদৈ কৰিমচ’কস্থিত ভূপেন্দ্ৰ নাৰায়ণ দেৱ জাতীয় বিদ্যালয়ৰ ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা  বিদ্যালয় সপ্তাহৰ শুকুৰবাৰে অন্ত পৰে।

author-image
Asomiya Pratidin
New Update
mangaldoi

mangaldoi

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ জাতীয় বিদ্যালয় আন্দোলনৰ অন্যতম গুৰিধৰোঁতা শিক্ষানুষ্ঠান মঙলদৈ কৰিমচ’কস্থিত ভূপেন্দ্ৰ নাৰায়ণ দেৱ জাতীয় বিদ্যালয়ৰ ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা  বিদ্যালয় সপ্তাহৰ শুকুৰবাৰে অন্ত পৰে।  ১৬ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ ছাত্ৰ- ছাত্ৰীৰ মাজত অনুষ্ঠিত বিভিন্ন খেল ধেমালি আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ অন্তত বুধবাৰে বিয়লি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ চহিৰ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি আৰু বঁটা বিতৰণী সভা। 

Advertisment

বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা এটি জ্যোতি সঙ্গীতেৰে আৰম্ভ হোৱা আৰু অধ্যক্ষ আলি আজগৰ তথা উপাধ্যক্ষ ক্ষীৰৱ চহৰীয়াই আঁত ধৰা এই অনুষ্ঠানত বিদ্যালয়ৰ বিশেষভাৱে সক্ষম প্ৰাক্তন ছাত্ৰী, দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লৈ উত্তীৰ্ণ হোৱা ৰূপশিখা নাথক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।   তেওঁ ছাত্ৰ -ছাত্ৰীৰ উদ্দেশ্যে প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। 

school week
school week

 

অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ যুগল কিশোৰ কলিতাকো সম্বৰ্ধনা জনোৱা হয়। অষ্টম শ্ৰেণীৰ ছাত্ৰীদ্বয় জ্যোতিস্মিতা মহন্ত আৰু জাগ্ৰিকা শৰ্মাই সৃজনীমূলক আধুনিক নৃত্য পৰিবেশন কৰা এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে সমাজসেৱিকা কুইন দাসে। 

অনুষ্ঠানত দশম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিদ্যালয় সপ্তাহৰ বিভিন্ন প্ৰতিযোগিতাত কৃতিত্ব প্ৰদৰ্শন কৰা ছাত্ৰ- ছাত্ৰীসকলৰ মাজত পুৰষ্কাৰসমূহ বিতৰণ কৰা হয় । মঙলদৈৰ জনপ্ৰিয় কণ্ঠশিল্পী সুমন ৰাজৰ গীত মাতেৰে অনুষ্ঠানৰ সামৰণী পৰে।

MANGADAI