/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/12/school-karnataka.jpg)
ডিজিটেল ডেস্কঃ ২২ ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ সময়সূচী। পঞ্জাৱৰ শিক্ষা মন্ত্ৰী বিজয় ইন্দ্ৰৰ সিংগলাই ৰাজ্য খনৰ সকলো চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে এই নিয়ম ঘোষণা কৰিছে।
ৰাজ্যখনৰ শিক্ষামন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি, পঞ্জাৱৰ প্ৰাথমিক বিদ্যালয়সমূহ দিনৰ ৯ বজাৰ পৰা ৩ বজালৈ খোলা ৰখা বিপৰীতে আৰু মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহ পুৱা ৯ বজাৰ পৰা ৩:২০ বজালৈ খোলা থাকিব। উল্লেখ্য যে ৰাজ্য খনত কোভিডৰ পৰিস্থিতিৰ বাবে অনলাইন ক্লাছৰ জৰিয়তে শিক্ষাদান কৰা হৈছিল বিগত সময়ছোৱাত।
মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, বাৰ্ষিক পৰীক্ষাৰ পূৰ্বে চূড়ান্ত সংশোধনৰ জৰিয়তে এই সময় নিৰ্ধাৰণ কৰা হৈছে যদিও অভিভাৱক আৰু শিক্ষকসকলৰ দিহা পৰামৰ্শৰ ভিত্তিত এই সময়সূচী সালসলনি হ'ব বুলিও তেওঁ মন্তব্য কৰে।