সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী, প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ওদালগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ইকিৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে কেলেংকাৰী। ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত উলিওৱা হ'ল সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন।

author-image
Asomiya Pratidin
New Update
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী, প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ইকিৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়

ডিজিটেল সংবাদ, ওৰাং: অসম চৰকাৰে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ পিছত তদন্তৰ দায়িত্ব প্ৰদান কৰিছিল চি আই ডিক। কিন্তু চি আই ডিৰ তদন্তৰ আওতালৈ নাহিল ওদালগুৰি জিলাৰ ইকিৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়।

Advertisment

ওদালগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ইকিৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে কেলেংকাৰী। ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত উলিওৱা হ'ল সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন। ইকিৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহ: নাছিৰ উদ্দিনৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু ছাত্ৰ সংগঠনে।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ পিছতে অসম চৰকাৰে তদন্তৰ দায়িত্ব প্ৰদান কৰিছিল চি আই ডিক। কিন্তু ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ পিছতো ওদালগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ইকিৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে তদন্ত নহ'ল।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ভূৱা ছাত্ৰ-ছাত্ৰীৰে কোটি কোটি টকাৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে চি আই ডিক তদন্তৰ দায়িত্ব প্ৰদান কৰিছিল অসম চৰকাৰে। সংখ্যালঘু‌ লোক সকল পিছপৰা হোৱাৰ বাবেই বঞ্চিত হ'বলগীয়া হয় উচ্চশিক্ষা গ্ৰহনৰ পৰা। সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবেই ছাত্ৰ বৃত্তি প্ৰদান কৰা হৈছিল ছাত্ৰ বৃত্তি।

কিন্তু ইয়াৰ বিপৰীতে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ইকিৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নাচিৰ উদ্দিনে একাংশ ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম তালিকা প্ৰস্তুত কৰি সৰকালে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন। ইকিৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নাচিৰ উদ্দিনক চি আই ডিৰ তদন্তৰ আওতালৈ আনিবলৈ আহ্বান ইত্তেহাত ফ্ৰন্টৰ সভাপতি নুৰ ইছলাম।

এই তালিকাৰ ভূৱা ছাত্ৰ-ছাত্ৰীৰ নামত কেনেকে ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰিলে প্ৰধান শিক্ষক নাছিৰ উদ্দিনে ? শিক্ষা বিভাগৰ কোন কৰ্মচাৰী জড়িত আছে এই কেলেংকাৰীত CID তদন্তলৈ আনাৰ দাবী সংগঠনটোৰ। আনহাতে ২২৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বহু ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিলে সংখ্যালঘু ছাত্ৰ বৃত্তি।

২০২০ বৰ্ষত সংঘটিত হৈছে ইকৰাবাৰী এম ই স্কুলৰ এই ছাত্ৰ বৃত্তি কেলেংকাৰী। প্ৰধান শিক্ষক নাছিৰ উদ্দিনে নিজে তৈয়াৰ কৰিছিল ছাত্ৰ-ছাত্ৰীৰ এই সমূহ তালিকা। তালিকাত অন্তৰ্ভূক্ত কৰিছিল ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম। এনেদৰে ভুৱা ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰি সংঘটিত কৰিছিল সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বৃহৎ কেলেংকাৰী। এই সমূহ তথ্যই উদঙাইছে কি দৰে সংঘটিত কৰিছিল কেলেংকাৰী।

এই কেলেংকাৰী পোহৰলৈ আনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ইত্তেহাদ ফ্ৰন্টে। প্ৰধান শিক্ষক নাচিৰ উদ্দিনৰ বিৰুদ্ধে আছে আন এক গুৰুত্বৰ অভিযোগ। বিদ্যালয়ৰ মধ্যহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়ত বিভাগীয় মতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৫৭৮ গৰাকী। কিন্তু বৰ্তমান বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আছে ৪৯৪ গৰাকী।

ইয়াৰ বিপৰীতে প্ৰধান শিক্ষক নাচিৰ উদ্দিনে লালপুল সমবায় সমিতিৰ‌ পৰা ৬০৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামত উলিয়াই মধ্যহ্ন ভোজনৰ চাউল। এনেদৰেই এতিয়া সংখ্যালঘু ছাত্ৰ বৃত্তি আৰু মধ্যহ্ন ভোজনৰ চাউল আত্মসাৎ কৰিছে প্ৰধান শিক্ষক নাচিৰ উদ্দিনে। এই ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষ্যনীয়।

assam udalguri scholarship