/asomiyapratidin/media/media_files/2025/07/16/418-2025-07-16-23-35-31.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : সমাজ সংগঠকৰূপে শিক্ষাৰ বুনীয়াদ গঢ়ি তুলিবলৈ বিগত ষাঠীৰ দশকত অহোপুৰুষাৰ্থ কৰি যোৱা শিৱসাগৰ জিলাৰ ধিতাইপুখুৰীৰ গ্ৰামাঞ্চলৰ পৰাই উৎকৰ্ষৰ যাত্ৰা আৰম্ভ কৰা গুণ দত্ত এজন শিক্ষকেই কেৱল নহয়, শিক্ষক স্বৰূপে আছিল সাহসী শিক্ষক আৰু সমাজৰ উৎকৰ্ষ সাধনৰ বাবে প্ৰয়োজনীয় গুণাৱলীৰে এক ধৰণী ধৰিব পৰা সক্ষম ব্যক্তিত্ব ।
শিক্ষাবিদ, সামাজ, সংগঠক,বামপন্থী আদৰ্শত বিশ্বাসী তথা ধিতাইপুখুৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গুণ দত্তৰ আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি আজি ধিতাইপুখুৰী ভকত কটকী প্ৰেক্ষাগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিতে শিক্ষাবিদ গুণ দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট শিক্ষাবিদ, বৰ্ষীয়ান সমাজকৰ্মী ফণী চেতিয়াই ৷
সতীৰ্থ গুণ দত্তলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ আধাৰুৱা কামবোৰ সম্পূৰ্ণ কৰা আৰু তেওঁৰ কৰ্মৰাজিক নতুন প্ৰজন্মৰ মাজলৈ অধিক আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাক দোহাৰে ৷ অৱসৰপ্ৰাপ্ত শিক্ষক ইন্দ্ৰেশ্বৰ বৰাই সভাপতিত্বত কৰা আৰু শিক্ষক দিলীপ শইকীয়াই আঁত ধৰা অনুষ্ঠানত হিৰণ্য কটকী আৰু প্ৰাঞ্জল আবিৰ দাসে সম্পাদনা কৰা স্মাৰক গ্ৰন্থ “গুণৱন্ত” উন্মোচন কৰে নাজিৰা কলেজৰ অধ্যাপক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসভাপতি ড° জীৱন কলিতাই ৷
গ্ৰন্থ উন্মোচন কৰি ড° কলিতাই দত্তদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ লগতে তেওঁৰ বৌদ্ধিক সত্বাৰ গভীৰতাৰ ওপৰত আলোকপাত কৰে ৷ এখন বৌদ্ধিক সমাজক নেতৃত্ব দি বৰ্ণিল জীৱন গঢ়ি তোলা মহান মনিষীগৰাকীয়ে ইচ্ছা কৰা হ’লে আন উচ্চ পদত নিযুক্তি গ্ৰহণ কৰি বিলাসী জীৱন যাপন কৰিব পাৰিলেহেঁতেন বুলি কয় ৷
জিলাখনৰ প্ৰায় দুই শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থকা স্মৃতিচাৰণ সভাত বিশিষ্ট ব্যক্তি হিচাপে মঞ্চৰ আসনত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সুৰেন্দ্ৰনাথ দত্ত, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সোণাৰাম খনিকৰ, চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈ,সমাজকৰ্মী কোষ বৰগোহাঁই,অৱসৰী শিক্ষক ডিম্বেশ্বৰ দত্ত,মণি গোহাঁই,ইব্ৰাহীম আলী,সাংবাদিক ধ্ৰুৱজ্যোতি গগৈ, সংগঠক ধৰ্ম বৰুৱাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি ৷
শিক্ষাবিদগৰাকীৰ ভিন্ন ক্ষেত্ৰত সান্নিধ্য লাভ কৰাৰ অভিজ্ঞতাৰে ক্ৰমে সোণাৰাম খনিকৰ, কনক গগৈ,সুৰেন্দ্ৰনাথ দত্ত,ইব্ৰাহীম আলী,ধৰ্ম বৰুৱা, খগেন চন্দ্ৰ বৰা,অজিত খাটনিয়াৰ, ধ্ৰুৱজ্যোতি মহন্ত, ভাস্কৰজ্যোতি বৰগোহাঁই ,দিপ্তী বুঢ়াগোহাঁই ফুকন,মনোজ কুমাৰ গগৈ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰে । বক্তাসকলে স্মৃতিচাৰণ কৰাৰ লগতে দত্তদেৱৰ জীৱন-দৰ্শন আৰু কৰ্মৰাজিৰ আলোকপাত কৰে ৷ গুণ দত্তৰ সুযোগ্য পুত্ৰ কৃষি বিষয়া হেমন্ত দত্ত আৰু অধ্যক্ষ প্ৰশান্ত দত্তই পিতৃৰ স্মৃতিচাৰণৰ বেলিকা সমূহ অতিথিক আদৰণি জনায় ৷
কাৰ্যসূচীৰ মাজতে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি আৰু ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কতৃপক্ষই পৰিয়ালৰ হাতত একোখনকৈ শ্ৰদ্ধাঞ্জলি পত্ৰ অৰ্পণ কৰে ৷ অসমৰ বৌদ্ধিক আৰু জাতীয় জীৱনৰ গুৰি ধৰি সক্ৰিয়তাৰে চিন্তা শিল্পলৈ বৰঙণি যোগাই অহা পুৰোধা ক্ৰমে ড০ নগেন শইকীয়া, ড০ নগেন ঠাকুৰৰ সৈতে একেটা বছৰৰে বিশ্ববিদ্যালয় উত্তীৰ্ণ সহপাঠী আছিল ।
ধিতাইপুখুৰী হাইস্কুলৰ প্ৰতিষ্ঠা তথা কেইবাখনো বিদ্যালয়ত সাময়িক সেৱা, শিৱসাগৰ কলেজৰ সহকাৰী গ্ৰন্থাগাৰিক আদি পদত সেৱা আগবঢ়োৱা গুণ দত্তই ৯৩ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে যোৱা ৩০ জুনত । ধিতাইপুখুৰীত গুণ দত্তৰ এক আৱক্ষ মূৰ্ত্তি স্থাপন কৰা সন্দৰ্ভতো সভাত মত প্ৰকাশ কৰাৰ লগতে গৱেষণাৰ মাজেৰে তেওঁৰ ব্যক্তিত্বক নতুন পুৰুষৰ আগত দাঙি ধৰাৰ পোষকতা কৰা হয় ৷
স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক হিৰণ্য কটকীয়ে ৰাইজৰ সহযোগিতা আৰু উপস্থিতিয়ে সভাগৃহৰ পৰিৱেশ গাম্ভীৰ্যপূৰ্ণ কৰি তোলাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷