/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nirmala.jpg)
ডিজিটেল ডেস্ক : 'যধে মধে বিনামূলীয়া আঁচনি ঘোষণা নকৰিব' ৰাজ্য চৰকাৰ সমূহলৈ এই পৰামৰ্শ কেন্দ্ৰীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। আঁচনি ঘোষণা কৰাৰ পূৰ্বে ৰাজ্যৰ ৰাজ ভঁড়ালত চকু দিবলৈ আৰু ৰাজ্যৰ বিত্তীয় স্তৰ, বিত্তীয় ক্ষমতা পৰ্যবেক্ষণ কৰাৰ পৰামৰ্শ দিয়ে বিত্তমন্ত্ৰীগৰাকীয়ে। শনিবাৰে বেংগালুৰুৰ এক সভাত এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
দিল্লী আৰু পঞ্জাৱ চৰকাৰক সমালোচনা কৰিবলৈ গৈ এই মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে। আপ চৰকাৰে পঞ্জাৱত জয়ী হোৱাৰ পিছতে ঘোষণা কৰিছিল বহু আঁচনি। সঘনাই যধে মধে আঁচনি ঘোষণা কৰাৰ ফলত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ।
উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজ্যৰ বিত্ত বিভাগক কেন্দ্ৰই হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল। ৰাজ্যৰ ৰাজভঁড়াৰ ধন ভঁড়ালত সাঁচি থ'ব নোৱাৰিব ৰাজ্য চৰকাৰে। সেয়া সকলো কেন্দ্ৰত জমা দিব লাগিব।
আৰু পঢ়ক : অসমৰ গ্ৰাম্য উদ্যোগীকৰণৰ ওপৰত ইউটিউব ধাৰাবাহিক উন্মোচন…