মুখ্যমন্ত্ৰীলৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ অনুৰোধ : আগন্তুক তিনিমাহত মৎস্যজীৱীক এককালীন সাহায্য প্ৰদান কৰক...

প্ৰতিখন চৰকাৰে ব’হাগৰ সময়ছোৱাত বৰষুণ আৰম্ভ হোৱাৰ পিছতে মৎস্য চিকাৰ নকৰিবলৈ মৎস্যজীৱীৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা দিয়ে ৷ ফলত চৰকাৰৰ মীন বিভাগ, প্ৰশাসন আৰু আৰক্ষীৰ সৈতে একাংশ মৎস্যজীৱীৰ মাজত সংঘাত হয় ৷ 

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীলৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ অনুৰোধ

ডিজিটেল ডেস্ক : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক অনুৰোধ জনাইছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে। মঙলবাৰে সংগঠনটোৰ সভাপতি সঞ্জীৱ দাস স্বাক্ষৰিত এক বিবৃতিযোগে আগন্তুক ৩মাহত অনুসূচিত জাতিৰ মৎস্যজীৱীক এককালীন সাহায্য প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

Advertisment

মঙলবাৰে ৰাজহুৱা কৰা বিবৃতিটোত উল্লেখ কৰে এইবুলি- “মহাশয়, সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব ৷ আপুনি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ তিনিমাহকাল মৎস্য চিকাৰ নকৰিবলৈ মৎস্যোপজীৱীসকলক কৰা আহ্বানক আমি সাদৰেৰে আদৰণি জনাইছো ৷ আপুনি ঘন জালেৰে মাছ নধৰিবলৈ কৈছে, এয়া আপোনাৰ দ্বাৰা এক অতি গুৰুত্বপূৰ্ণ আহ্বান ৷ এই আহ্বান অসমৰ সকলো ৰাইজক পালন কৰিবলৈ আমিও টানি অনুৰোধ জনাইছো ৷ 

মুখ্যমন্ত্ৰী মহাশয়, আপুনি জানে যে আজিও বহু অনুসূচিত জাতিৰ লোকে মৎস্য চিকাৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে ৷  প্ৰতিখন চৰকাৰে ব’হাগৰ সময়ছোৱাত বৰষুণ আৰম্ভ হোৱাৰ পিছতে মৎস্য চিকাৰ নকৰিবলৈ মৎস্যজীৱীৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা দিয়ে ৷ ফলত চৰকাৰৰ মীন বিভাগ, প্ৰশাসন আৰু আৰক্ষীৰ সৈতে একাংশ মৎস্যজীৱীৰ মাজত সংঘাত হয় ৷ 

তাৰ কাৰণ হৈছে আজিও বহু অনুসূচিত জাতিৰ লোকৰ উপাৰ্জনৰ অন্য সম্বল নাই৷ সেয়েহে মৎস্যজীৱীসকলে ভাবে যে মৎস্য চিকাৰ নকৰিলে পৰিয়াল পোহপাল দিব নোৱাৰিম ৷  সেয়েহে আপুনি এই তিনিটা মাহ মৎস্যজীৱীসকলে যাতে হাতত জাল ল’বলগীয়া নহয় তাৰ বাবে চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷  চৰকাৰে ৰাজ্য চৰকাৰৰ মীন বিভাগৰ জৰিয়তে এই তিনিটা মাহত ৰাজ্যৰ থলুৱা মাছমৰীয়াসকলক মাহেকত কমেও ১৫ হাজাৰ টকাকৈ এককালীন অৰ্থ সাহায্য দিয়াৰ ব্যৱস্থা কৰক ৷ 

মুখ্যমন্ত্ৰীলৈ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ অনুৰোধ

এককালীন অৰ্থ সাহায্য দিলে মাছমৰীয়াসকলে কেতিয়াও সংঘাতত লিপ্ত হ’ব নালাগিব আৰু পৰিয়াল পোহপাল দিবলৈ মৎস্য চিকাৰ কৰিবলৈ যোৱাৰ প্ৰয়োজন নাথাকিব ৷  আপুনি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ তিনিমাহকাল মৎস্য চিকাৰ নকৰিবলৈ কৰা আহ্বানক পুনৰবাৰ আদৰণি জনাইছো ৷  লগতে দৰিদ্ৰ থলুৱা মৎস্যজীৱীসকলক কমেও ১৫ হাজাৰ টকাকৈ এককালীন অৰ্থ সাহায্য দিয়াৰ অনুৰোধ জনাইছো ৷ আশা কৰো আমাৰ অনুৰোধ আপুনি বিবেচনা কৰি বাস্তৱ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব৷ এয়াই আপোনালৈ আমাৰ বিনম্ৰ গোহাৰি ৷”

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা