ঢকুৱাখনাত দৰিদ্ৰৰ চাউল কাঢ়িছে সমবায় এজেণ্টেঃ চৰকাৰী বিষয়ালৈও যায় কমিচনৰ ভাগ !

dhokuakhana
dhokuakhana

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে আবন্তিত চাউলৰ এক গ্ৰামো সমবায় এজেন্টে কুক্ষীগত কৰিলে চিধাই জেল গমন হ'ব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নীলৈ কেৰেপ নকৰা এজন এজেন্ট ওলাইছে ঢকুৱাখনাত। লখিমপুৰ খাদ্য ও অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত সোৱণশিৰী সমবায় সমিতিৰ এইজন দাম্ভিক এজেণ্টৰ নাম নিত্যানন্দ দলে ।

ঢকুৱাখনা মহকুমাৰ পাতৃচুক মাজ গাঁৱত অৱস্থিত এন এছ ৯৯ /এ পি পি এ অ'-৮২/২০১৫/৭৬ পঞ্জীয়ন নম্বৰৰ এইখন চৰকাৰী সুলভ মূল্যৰ দোকানত বিগত কেইবা বছৰ ধৰি এজেন্ট নিত্যানন্দ দলেৰ নেতৃত্বত অব্যাহত আছে এনে এক ভয়ংকৰ দুৰ্নীতি অনিয়ম। গাঁওখনৰ ভুক্তভোগী গ্ৰাহকসকলে এই ভয়ংকৰ দুৰ্নীতি সন্দৰ্ভত লখিমপুৰ জিলা উপায়ুক্ত,ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি, সোৱণশিৰী ৰাজহ চক্ৰ বিষয়া, লখিমপুৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগ সকলোকে প্ৰামানিক নথি পত্ৰসহ লুণ্ঠনকাৰী এজেন্ট দলেৰ দুৰ্নীতিৰ নিৰ্লজ দস্তাবেজ ফাদিল কৰি বহুবাৰ অভিযোগ দাখিল কৰিছিল। 

কিন্তু স্বচ্ছ দুৰ্নীতি মুক্ত প্ৰশাসনৰ প্ৰতিশ্ৰুতি দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনেবোৰ আমোলা, বিভাগীয় বিষয়াৰ এই স্পৰ্শকাতৰ বিষয়ৰ প্ৰতি ভ্ৰূক্ষেপেই নাই । সংবাদ মাধ্যমক পাতৃ চুক মাজগাঁৱৰ ভুক্তভোগী গ্ৰাহক ৰাইজে অভিযোগ কৰা মতে এইজন মুনাফা লোভী এজেন্টে নিজৰ নামত দুখন ৰেচন কাৰ্ড প্ৰস্তুত কৰি বিগত কেইবা বছৰ ধৰি চৰকাৰী বৃহৎ পৰিমাণৰ চৰকাৰী আঁচনিৰ চাউল উদৰস্থ কৰি আহিছে ।

তাৰোপৰি এইজন দুৰ্নীতিগ্ৰস্ত এজেন্টে তেওঁৰ জ্ঞাতসাৰে আমোল দলে , যুগল দলে ,বিবিধ দলে , মোহন দলেৰ নামত গাইপতি দুখনকৈ ৰেচন কাৰ্ড প্ৰস্তুত কৰাই দৰিদ্ৰৰ চাউল কুক্ষীগত কৰাত উদগনি যোগাই আহিছে। সমান্তৰালভাৱে হৰেন্দ্ৰ দলে , পুষ্পঞ্জলি দলে ,উমেশ দলে আদি চৰকাৰী কৰ্মচাৰী হোৱাৰ স্বত্তেও এই চৰকাৰী চাউলৰ সুবিধা প্ৰদান কৰি দৰিদ্ৰ গঞাৰ বিপৰীতে আবন্তিত চাউল অপচয় কৰি অহা বুলি প্ৰামানিক তথ্য সদৰি কৰিছে । 

গ্ৰামবাসীৰ স্পষ্ট অভিযোগ লখিমপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৰ্থলোভী বিষয়া হলধৰ মিলিৰ প্ৰত্যক্ষ সহযোগিতা আৰু আশীৰ্বাদত এজেন্ট দলেয়ে সীমাহীন হাৰত এনে দুষ্কাৰ্য সংঘটিত কৰি আহিছে । এই ভয়ংকৰ জালিয়াতি সন্দৰ্ভত ন্যায়কামী গ্ৰাহক ৰাইজে বহুবাৰ এজেন্ট আৰু বিভাগক অৱগত কৰি এখন বিশুদ্ধ ৰেচন কাৰ্ডধাৰী তালিকা প্ৰকাশ আৰু হিতাধিকাৰীক চৰকাৰী সামগ্ৰী প্ৰদানৰ দাবী জনাই আহিছিল ।

কিন্তু বেপৰোৱা এজেন্ট নিত্যানন্দ দলে আৰু বিভাগে তালৈ গুৰুত্ব নিদিলে । পৰিণতিত অতিষ্ঠ ৰাইজে অৱশেষত যোৱা ১ মাৰ্চত লখিমপুৰৰ উপায়ুক্ত, ২৩ ছেপ্টেম্বৰত ঢকুৱাখনাৰ মহকুমাধিপতি আৰু সংশ্লিষ্ট বিভাগক লিখিত অভিযোগ দাখিল কৰি ন্যায় কামনা কৰিছিল। কিন্তু সেয়াও অথলে গ'ল ।

চেঁচা পানী পৰিল ৰাইজৰ দুৰ্নীতি বিৰোধী ঐক্যবদ্ধ প্ৰচেষ্টাত। উপায়ন্তৰ ৰাইজৰ সহমত আৰু ৰাজহুৱাসভাৰ সিদ্ধান্তৰ ভিত্তিত অৱশেষত অতিষ্ঠ ৰাইজৰ হৈ গাঁওখনৰ সচেতন ব্যক্তি মচিদ দলে ,বাসন চন্দ্ৰ পেগু আৰু কলেশ্বৰ চুংক্ৰাংয়ে যোৱা ১৩ ছেপ্টেম্বৰত লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক কাৰ্য্যালয়ত লগ কৰি এখন এজাহাৰ দাখিল কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে ঘিলামৰা আৰক্ষী থানালৈ এজাহাৰখন প্ৰেৰণ কৰাত ঘিলামৰা থানাত  ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০ /৩৪ ধাৰাত এক গোচৰ (নং-৮২/২০২২) পঞ্জীভূত হয় ।

ঘিলামৰা থানাৰ অ'চি চন্দন দাসে ক্ষিপ্ৰতাৰে তদন্ত কৰি প্ৰতিবেদন ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে । অভিযোগকাৰী ক্ষুব্ধ ৰাইজে  "অসমীয়া প্ৰতিদিন ডিজিটেল"ক  জনোৱা মতে ২০১৫ চনৰ পৰাই নামে বেনামে ভুৱা ৰেচন কাৰ্ড বনাই চৰকাৰী সাহায্য লুটপাত চলাই আহিছে এজেন্ট জনে  ।

ৰাইজে প্ৰামানিক তথ্য প্রদর্শন কৰি জনোৱা মতে চৰকাৰী চাউললৈ লুলুপ দৃষ্টি দি লজ্জাবোধ নথকা এজেন্ট দলেয়ে নিজৰ পত্নীৰ নামত দুখন কাৰ্ডত দুগৰাকী কৰিবলৈ কুণ্ঠাবোধ কৰা নাই । তাৰোপৰি হিতাধিকাৰীক আবন্তিত পৰিমাণৰ চাউল যোগান নধৰি প্ৰতিখন কাৰ্ডৰ বিপৰীতে আধা কেজি পৰ্যন্ত চাউল কৰ্তন কৰি ৰখা , কেৰাচিন তেল ,আটা আদি সামগ্ৰী যোগান নধৰাকৈ ৰেচন কাৰ্ডত এনেবোৰ সামগ্ৰী যোগান ধৰা বুলি লিপিবদ্ধ কৰা ,গ্ৰাহকক অভব্য আচৰণ কৰি দাবী ধমকি দিয়া আদি সীমাহীন দাম্ভিক আচৰণত গ্ৰাহক সমাজ ক্ষুব্ধ ।

জিলা প্ৰশাসন ,মহকুমা প্ৰশাসন আৰু বিভাগীয় আমোলা বিষয়াক কাবু কৰি  গ্ৰাম্য দৰিদ্ৰৰ মুখৰ ভাত কাঢ়ি খাই দৌৰাত্ম্য চলাই যোৱা এইজন  দুৰ্নীতি পৰায়ন এজেন্টৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ দিয়াৰ  বাবে উপায়ন্তৰ আৰু অতিষ্ঠ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে । ৰাইজৰ আশা দৰিদ্ৰৰ মুখৰ ভাত কাঢ়ি খোৱা এইজন এজেণ্টৰ পৰ্বতসম অনিয়ম দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি এজন সৎ নিকা ভাৱমূৰ্তিৰ এজেন্টৰ হাতত সুলভ মূল্যৰ দোকানখন পৰিচালনাৰ দায়িত্ব প্ৰদান কৰি দৰিদ্ৰ,গঞা ৰাইজৰ মহৎ উপকাৰ সাধন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে যথোচিত গুৰুত্ব প্ৰদান কৰিব।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in