ভাৰতীয় বিমান পৰিবহণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বৃদ্ধিৰ অপৰিসীম সুযোগ আছে...

ভাৰতীয় বিমান পৰিবহণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দুয়োটাৰে বাবে বৃদ্ধিৰ অপৰিসীম সুযোগ আছে – এই মন্তব্য ইণ্ডিগ’ৰ চি ই অ’ পিটাৰ এলবাৰ্ছৰ। মঙলবাৰে নতুন দিল্লীত

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বিমান

ডিজিটেল ডেস্ক : ভাৰতীয় বিমান পৰিবহণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দুয়োটাৰে বাবে বৃদ্ধিৰ অপৰিসীম সুযোগ আছে – এই মন্তব্য ইণ্ডিগ’ৰ চি ই অ’ পিটাৰ এলবাৰ্ছৰ। মঙলবাৰে নতুন দিল্লীত তেওঁ কয় যে,  ভাৰতৰ পৰিসৰ আৰু সম্ভাৱনাই ইয়াক চীনৰ তুলনাত এক সুন্দৰ সুযোগ প্ৰদান কৰিছে। 

উল্লেখযোগ্য যে, নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে, চীনত বিমান আৰু ভ্ৰমণকাৰী যাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বিকাশ হৈছে। একেই কথা ভাৰতৰ বিমান পৰিবহণৰ ক্ষেত্ৰতো প্ৰযোজ্য ।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ১ জুনৰ পৰা ৩ জুনলৈ নতুন দিল্লীত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ বৈঠক। এই বৈঠকত ভাগ লয় ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে। বৈঠকত তেওঁ কেতবোৰ মন্তব্য কৰে।

indigo