/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/vijay_mallya_photo_ht_1552577607.jpg)
ডিজিটেল ডেস্ক: বেংকৰ হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰা ব্যৱসায়ী বিজয় মালিয়াৰ শাস্তি নিৰ্ধাৰণ কৰিলে উচ্চতম ন্যায়ালয়ে।
ডিয়েগো চুক্তিৰ ৪০ নিযুত ডলাৰ তেওঁৰ সন্তানৰ বিদেশী একাউণ্টলৈ স্থানান্তৰ কৰাৰ বাবে আৰু সম্পত্তিৰ সঠিক বিৱৰণ প্ৰদান নকৰাৰ বাবে বিজয় মালিয়াক দোষি সাব্যস্ত কৰা হৈছিল।
মালিয়াই কেৱল বিদেশী একাউণ্টলৈ ধন স্থানান্তৰ কৰাৰ বিষয়ে আদালতক ভুল তথ্য প্ৰদান কৰাই নহয়, যোৱা পাঁচ বছৰ ধৰি আদালতত হাজিৰ নহৈ আদালতক অৱমাননা কৰিছে। বিজয় মালিয়াক ২০১৭ চনত উচ্চতম ন্যায়ালয়ে অৱমাননাৰ বাবে দোষী সাব্যস্ত কৰিছিল।
১০ ফেব্ৰুৱাৰীত, উচ্চতম ন্যায়ালয়ে শুনানি স্থগিত ৰাখি মালিয়াক আত্মপক্ষ সমৰ্থন কৰাৰ শেষ সুযোগ দিছিল যদিও তেওঁৰ ফালৰ পৰা কোনো তেওঁৰ ফালৰ পৰা কোনো উকীল শাস্তিৰ বিষয়ে আলোচনা কৰিবলৈ উপস্থিত নহ'ল।
বিজয় মালিয়াৰ শাস্তি হিচাপে ২০০০ টকাৰ জৰিমনা আৰু ৪ মাহৰ কাৰাদণ্ড নিৰ্ধাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে
কেৱল সেয়াই নহয়, আদালতে বিজয় মালিয়াই বিদেশলৈ স্থানান্তৰিত কৰা ৪০ নিযুত ডলাৰ ৪ সপ্তাহৰ ভিতৰত পৰিশোধ কৰিব লাগিব।
আৰু পঢ়ক: গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত মন্ত্ৰী পিয়ুষ হাজৰীকা…