/asomiyapratidin/media/media_files/2025/02/13/HWCn1Lv3kQAFm2ykRYzN.jpg)
হিতাধিকাৰী
ডিজিটেল ডেস্কঃ দেশৰ শাসনাধিষ্ঠ বিজেপি আৰু অন্যান্য বিৰোধী দলসমূহৰ হিতাধিকাৰী সৃষ্টি নীতিত উদ্বিগ্ন প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। বিজেপি, আপকে ধৰি অন্যান্য দলসমূহৰ হিতাধিকাৰী নীতিক তীব্ৰ ভৎসৰ্না কৰি উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে কয় যে, চৰকাৰী উদ্যোগত এটা পৰজীৱি শ্ৰেণীৰ সৃষ্টি কৰা হৈছে।
দেশৰ নগৰীয়া গৃহহীন লোকসকলৰ আশ্ৰয় বিষয়ক এক গোচৰৰ শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীষ বি আৰ গাভা আৰু ন্যায়াধীশ অগষ্টাইন জৰ্জ মাছিৰ খণ্ড বিচাৰিপীঠে সমগ্ৰ বিষয়টোক দুভাৰ্গ্যজনক আখ্যা দিয়ে।
তেওঁলোকে কয় যে, বিনামূলীয়া আঁচনিসমূহৰ বাবে সমাজত পৰজীৱি এক শ্ৰেণীৰ সৃষ্টি হৈছে। চৰকাৰী হিতাধিকাৰীৰ তালিকাত নাম সোমোৱাৰ বাবেই সমাজৰ এচাম লোকক আলস্যই আগুৰি ধৰিছে আৰু নিষ্কৰ্মা জীৱন কটাইছে।
কাম নকৰাকৈ চৰকাৰী আঁচনিৰ সুবাদত হাতলৈ ধন অহাৰ ফলত সমাজৰ বৃহত সংখ্যক জনতাক সমাজৰ মূলসূতিৰ পৰা আতঁৰাই নিছে বুলিও মন্তব্য কৰে ন্যায়ধীশ কেইগৰাকীয়ে। যিসকল হিতাধিকাৰী তেওঁলোকৰ সমাজৰ বাবে অৱদান শূণ্য বুলিও মন্তব্য কৰে ন্যায়াধীশ গাভাই।
শাসক পক্ষৰ লগতে ৰাজনৈতিক দলসমূহৰ এনে নীতিক তীব্ৰ ভৎসৰ্না কৰি বিচাৰপীঠখন কয় যে, যেতিয়াই নিৰ্বাচন হয়, তেতিয়াই ৰাজনৈতিক দলসমূহে এই বিনামূলীয়া আঁচনিৰ কথা ঘোষণা কৰে। এই বিনামূলীয়া আঁচনিৰ বাবেই মানুহে কাম-বন এৰি দিছে। এনে সংস্কৃতিয়ে আমি এটা পৰজীৱি শ্ৰেণীৰ সৃষ্টি কৰা নাইনে বুলি চৰকাৰী পক্ষৰ অধিবক্তাক প্ৰশ্ন কৰে বিচাৰপীঠে।