
ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিলে অৰ্থনৈতিকভাৱে দুৰ্বল লোকৰ বাবে সংৰক্ষিত আসনৰ সিদ্ধান্ত । মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ উপস্থিতিত ৫ জনীয়া এক বিচাৰপীঠে দিয়ে এই সিদ্ধান্ত । উচ্চতম ন্যায়ালয়ৰ এই শুনানিৰ পাছত ১০ শতাংশ আসনৰ সংৰক্ষণৰ ব্যৱস্থা বাহাল থাকে অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে ।
এই সন্দৰ্ভত বিচাৰপীঠে মন্তব্য দিয়ে যে, ১০ শতাংশ আসনৰ সংৰক্ষণে সংবিধানৰ কোনো নিয়মৰ উলংঘা নকৰে । তেনেস্থলত অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষিত আসনৰ বিৰুদ্ধে জনোৱা আবেদন সমূহো খাৰিজ কৰা হয় ।
ইয়াৰ ওপৰিও ধৰ্ম-বৰ্ণ, জাতি তথা লিংগ নিৰ্বিশেষে সংৰক্ষিত এই ১০ শতাংশ আসনে সমতাৰ অধিকাৰতো প্ৰভাৱ নেপেলায় বুলি ৰায়দান দিয়ে উচ্চতম ন্যায়ালয়ে । আনহাতে এই সংৰক্ষণে শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত অৰ্থনৈতিক সমতাৰ হে সৃষ্টি কৰিব বুলি মন্তব্য কৰে বিচাৰপীঠে ।
উল্লেখ্য যে, মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নেতৃত্বত গঠন হোৱা ৫ জনীয়া বিচাৰপীঠ খনৰ ৰায়দানৰ ভগ্নাংশ আছিল ৪ : ১ । ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটে এই শুনানিৰ বিৰুদ্ধে ৰায়দান দি মন্তব্য প্ৰদান কৰিছিল যে, এই সংৰক্ষণে সাংবিধানিক বৈধতাৰ উলংঘা কৰে । অৱশ্যে গৰিষ্ঠ সংখ্যক সমৰ্থন সংৰক্ষণৰ পক্ষত থকাৰ বাবে বাহাল ৰখা হয় সিদ্ধান্ত ।