/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/443e57a0-d3cc-41c8-a86a-71b2fcf48a08/WhatsApp_Image_2022_09_14_at_5_14_18_AM.jpeg)
BCCI
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ কাৰ্যকাল বৃদ্ধি কৰাত সেউজ সংকেট প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, গাংগুলী আৰু জয় শ্বাহৰ কাৰ্যকাল বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ত বি চি চি আইয়ে এক আৱেদন দাখিল কৰিছিল।
বি চি চি আইৰ সংবিধান অনুসৰি গাংগুলী আৰু জয় শ্বাহৰ কাৰ্যকাল চলিত মাহৰ প্ৰথম ভাগত সমাপ্ত হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত এতিয়াৰে পৰা বি চি চি আইত ধাৰাবাহিকভাৱে দুবাৰ অৰ্থাত ৬ বছৰলৈ একেটা পদত কাৰ্যনিৰ্বাহ কৰিবলৈ ৩ বছৰৰ 'কুলিং অফ পিৰয়ড' হ'ব।
উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতেই বি চি চি আইৰ উপৰিও ৰাজ্যিক ক্ৰিকেট সন্থাত পদাধিকাৰসকলে এবাৰত সৰ্বাধিক ১২ বছৰ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিব পাৰিব। ন্যায়াধীক্ষ ডি ৱাই চন্দ্ৰচূড় বিচাৰপীঠে এই সআৱেদনৰ শুনানি গ্ৰহণ কৰিছিল। আৱেদনখনত বি চি চি আইৰ নতুন সংবিধানত সংশোধনৰ অনুমতি বিচৰা হৈছিল।