/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-02/kt5hulyp/0779cd50-2c93-4633-b19e-c06191793d5b.jpg)
ডিজিটেল সংবাদ, নগাঁও : কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ দেশতে ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰ,২০২৪লৈ ভিজিলেন্স সজাগতা সপ্তাহ পালন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকেও নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু তৰ্ক প্ৰতিযোগিতা আদিৰ লগতে বিভিন্ন কাৰ্যসূচীৰে সপ্তাহটো পালন কৰিছে।
এই কাৰ্যসূচীৰ অংশ হিচাপে এছ বি আইৰ উদ্যোগত শনিবাৰে পুৱা এছ বি আই নগাঁও শাখাৰ পৰা নতুন বজাৰলৈ ৰেলী বাহিৰ কৰে । এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে বেংকিং সম্পৰ্কীয় জালিয়াতি, চাইবাৰ নিৰাপত্তা, দুৰ্নীতিৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা ।
উক্ত কাৰ্যসূচীত এছ বি আই আৰ বি অ’ নগাঁও মুখ্য প্ৰবন্ধ টিমন ৰয় , এছ বি আই হাইবৰগাঁও শাখাৰ মুখ্য প্ৰবন্ধক ৰাজীৱ ৰায় , বিষয়া ময়ুৰ মহন্ত আদিয়ে অংশ লয়।
Also Read: ইটাৰভিঠা গাঁৱৰ অংগনবাদী কেন্দ্ৰত ম্যাদ উকলি যোৱা শিশু খাদ্য বিতৰণ