/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/sbi.jpg)
ডিজিটেল ডেস্কঃ শিক্ষিত নিবনুৱা সকলৰ বাবে আশাৰ বাতৰি লৈ আহিছে ভাৰতীয় ষ্টেট বেংকে। বেংকটোৱে সহকাৰী আৰু উপ-প্ৰৱন্ধক পদৰ বাবে নিয়মীয়া আৰু চুক্তিভিত্তিক অনুযায়ী বিশেষজ্ঞ কেডাৰ বিষয়া (এছ চি অ') পদৰ বাবে আবেদন গ্ৰহণ কৰা আৰম্ভ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট sbi.co.in খালী পদৰ বাবে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছে। আবেদনৰ অন্তিম তাৰিখ ২০ ছেপ্টেম্বৰ।
ষ্টেট বেংকে উল্লেখ কৰা অনুসৰি নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়াৰ বাবে অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। অনলাইন পৰীক্ষা ৮ অক্টোবৰ, ২০২২ তাৰিখে অনুষ্ঠিত কৰা হ'ব। পৰীক্ষাৰ এসপ্তাহ আগতে এডমিট কাৰ্ড প্ৰকাশ কৰা হ'ব বুলি বিবৃতিত প্ৰকাশ কৰিছে।
সাধাৰণ/ই ডব্লিউ এছ/অ' বি চি শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল হৈছে ৭৫০ টকা আৰু অনুসূচীত জাতি/অনুসূচীত জনজাতি/পি ডব্লিউ ডি শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে কোনো আবেদন মাচুল নিৰ্ধাৰণ কৰা নাই বুলি বিবৃতিত প্ৰকাশ কৰিছে।