/asomiyapratidin/media/media_files/2025/06/26/sbi-26-2025-06-26-20-16-05.jpg)
ডিজিটেল সংবাদ উত্তৰ গুৱাহাটীঃ এছ বি আই গুৱাহাটীৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ)ৰ অধীনত ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী শাখাই উত্তৰ গুৱাহাটীত থকা হৰে কৃষ্ণ মোভমেণ্টৰ গকুল প্ৰি-স্কুললৈ এখন বাছ দান কৰিছে। এই কথা উল্লেখেৰে প্ৰেৰণ কাৰ এক প্ৰেছ বিজ্ঞপ্তিত কয় যে, এছ বি আইয়ে দান কৰা বাহনখনে গকুল প্ৰি-স্কুলৰ সৰু ল’ৰা-ছোৱালীৰ বিশেষকৈ অভাৱগ্ৰস্ত আৰু দৰিদ্ৰ পৰিয়ালৰ পৰা অহাসকলৰ বাবে নিৰাপদ আৰু সুলভ পৰিবহণৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব।
তাৰোপৰি কয় এই পদক্ষেপে অঞ্চলটোত সৰ্বাংগীন শিক্ষা আৰু শিশু কল্যাণৰ প্ৰসাৰৰ বাবে এছ বি আইৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। শ্ৰীকৃষ্ণৰ শিক্ষাৰ পৰা অনুপ্ৰাণিত হৈ গকুল প্ৰি-স্কুলৰ লক্ষ্য হৈছে সংস্কৃতি, যত্ন, আৰু চৰিত্ৰ বিকাশৰ শিপাৰে মূল্যভিত্তিক প্ৰাথমিক শৈশৱৰ শিক্ষা প্ৰদান কৰা।
এছ বি আইৰ পৰা পোৱা সহায়ৰ ফলত বিদ্যালয়খনৰ প্ৰসাৰতা বৃদ্ধি পাব আৰু শিশুসকলৰ বাবে উন্নত শিক্ষণ পৰিৱেশৰ সুবিধা হ’ব বুলি আশা কৰা হৈছে। আজি বাছখন আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰাৰ অনুষ্ঠানত এছ বি আই গুৱাহাটী আৰু হৰে কৃষ্ণ মোভমেণ্টৰ সদস্যসকল উপস্থিত থাকি সামাজিক মংগলৰ বাবে ৰাজহুৱা-ব্যক্তিগত সহযোগিতাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰে।