দেৰগাঁৱত ষ্টেট বেংকৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

দেৰগাঁৱত ষ্টেট বেংকৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...
দেৰগাঁৱত ষ্টেট বেংকৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...

ডিজিটেল সংবাদ গোলাঘাট: ভাৰতীয় ষ্টেট বেংকৰ দেৰগাঁও শাখাত ১২জুলাইৰ দিনা বেংকৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষত অনুষ্ঠিত এটি বিশেষ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে ভাৰতীয় ষ্টেট বেংকৰ যোৰহাট মাণ্ডলিকৰ আঞ্চলিক প্ৰৱন্ধক ডেভিদ এন লভামে।

দেৰগাঁও শাখাৰ মুখ্য প্ৰৱন্ধক অভিশেষ গৌৰৱে আদৰণি ভাষণ দিয়া অনুষ্ঠানত পৌৰনেত্ৰী ৰূপাঞ্জলী বৰা, দি কে ডি কলেজৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ বৰদলৈ, বিশিষ্ট ব্যৱসায়ী প্ৰদীপ খাদৰীয়া, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ পবিত্ৰ মহন্ত, অধ্যাপক অমল দাস, শিল্পী আমান আহমেদ, ব্যৱসায়ী বিপিন হাজৰিকা,অমল ভৰালী,উৎপল ঠাকুৰ, প্ৰদীপ কাব্ৰা, সাংবাদিক প্ৰণৱ চক্ৰবৰ্তী, ইন্দু ভূষণ মহন্ত, শিল্পী কুণ্ডন উপাধ্যায় প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম স্থানপ্ৰাপ্ত দেৰগাঁৱৰ মেধাবী ছাত্ৰী প্ৰতীক্ষা প্ৰিয়ম মহন্তক আনুষ্ঠানিক ভাৱে অভিনন্দন জনোৱা হয়। আমন্ত্ৰিত অতিথি সকলৰলগত বেংকৰ বিষয়া কৰ্মচাৰীসকলক চিনাকী কৰাই দিয়া অনুষ্ঠানত অতিথিসকলক বেঙ্ক শাখাটোৰ তৰফৰ পৰা একোটাকৈ উপহাৰ আগবঢ়োৱা হয়।

অনুষ্ঠানত কেবাজনো শিল্পীয়ে গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়ে। অতিথি সকলে বেংক শাখাটিৰ পৰা গ্ৰাহক ৰাইজ অধিক উপকৃত হোৱাৰ সম্পৰ্কত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই। অনুষ্ঠানটোৰ আঁত ধৰি শৃংখলিতভাৱে কাৰ্য়সূচীসমূহ আগবঢ়াই নিয়ে শাখাটোৰ এগৰাকী বিষয়া পদ্মলোচন গগৈয়ে।

দেৰগাঁৱত ষ্টেট বেংকৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন...
চাবুৱাত ড্ৰাগচসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in