ভাৰতীয় জোৱানক সন্মান জনোৱা উদ্দেশ্যে সৰুপথাৰত ত্ৰিৰংগা যাত্ৰা

আজি সৰুপথাৰত এক বিশাল ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হয়। এই কাৰ্যসূচীৰ কাজিৰঙা লোকসভা সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে নেতৃত্ব প্ৰদান কৰে

author-image
Asomiya Pratidin
New Update
1 sorupathar

ডিজিটেল সংবাদ,সৰপথাৰ: ভাৰতৰ সীমান্তত নিয়োজিত হৈ থকা ভাৰতীয় জোৱান সকলক সাহস আৰু সন্মান জনোৱাৰ উদ্দেশ্যে আজি সৰুপথাৰত এক বিশাল ত্ৰিৰংগা যাত্ৰা বাহিৰ কৰা হয়।

এই কাৰ্যসূচীৰ কাজিৰঙা লোকসভা সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে নেতৃত্ব প্ৰদান কৰে। সৰুপথাৰ ৰামধেনু মুকলি মঞ্চৰ পৰা বাহিৰ কৰা ত্ৰিৰংগা যাত্ৰাত জনতাৰ বিপুল সঁহাৰিয়ে এক অনন্য মাত্ৰা প্ৰদান কৰে।

সৰুপথাৰ