/asomiyapratidin/media/media_files/2025/04/02/iENcBfAt28PnumuC59Hl.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা ব্লক কংগ্ৰেছৰ এগৰাকী নিষ্ঠাৱান সদা সক্ৰিয় কৰ্মী সত্য চমুৱাক ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত কৰা হৈছে । অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই এক নিৰ্দেশনাযোগে চমুৱাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিযুক্তি প্ৰদান কৰিছে ।
২ এপ্ৰিলত প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈৰ স্বাক্ষৰিত এক নিযুক্তি পত্ৰৰ জৰিয়তে লখিমপুৰ জিলা কংগ্ৰেছ সমিতিৰ অন্তৰ্গত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে চমুৱাক নিযুক্তি প্ৰদান কৰিছে । সুদীর্ঘ দিন ধৰি এগৰাকী সৰ্বজন সমৰ্থিত, দলৰ প্ৰতি অধিক আনুগত্যশীল আৰু সক্ৰিয় ব্লক সভাপতিক নিযুক্তিৰ দাবীত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক নেতা আৰু তৃণমূলৰ নিষ্ঠাবান কৰ্মীয়ে প্ৰদেশ কংগ্ৰেছ সমিতিৰ লগতে জিলা কংগ্ৰেছ সমিতিক ধাৰাবাহিক অভিযোগ দাখিল কৰি আহিছিল ।
ৰহস্যজনক কাৰণত পূৰ্বৰ সভাপতিগৰাকীৰ স্থানত নতুন ব্লক সভাপতি নিযুক্তি সম্ভৱ হোৱা নাছিল। শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এগৰাকী নতুন সভাপতি নিযুক্তি দিয়াৰ দাবীত দলীয় নিঃস্বাৰ্থ কৰ্মীসকলে প্ৰদেশ কংগ্ৰেছৰ দৃষ্টিগোচৰ কৰাৰ পৰৱৰ্তী সময়ত পূৰ্বৰ সভাপতি তৰুণ চেতিয়াক অপসাৰণ কৰি চমুৱাক ব্লক সভাপতি হিচাপে নিযুক্তি দিয়ে ।
এইখিনিতে উল্লেখ কৰিব পাৰি যে, ২০০১ চনৰ পৰা ২০১০ চনলৈ মণ্ডল যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি আছিল চমুৱা। একেদৰে তেওঁ ২০১০ চনৰ পৰা ২০১৯ চনলৈ ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিল।
তাৰোপৰি ২০১৯ পৰা বৰ্তমান পৰ্যন্ত লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক পদৰ লগতে বিগত ৩০ বছৰ সততাৰে দলীয় সকলো দায়িত্ব কৰ্তব্য পালন কৰি যোৱা চমুৱাক এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম কোষৰ মুখপাত্ৰ ডঃ সুৰজিত দলে , ঢকুৱাখনাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাকেশ পেগু আদিকে প্ৰমুখ্য কৰি দলৰ সকলো নেতা কৰ্মী উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাবে আনুষ্ঠানিকভাৱে চমুৱাই ব্লক সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিব ।
নৱনিযুক্ত ব্লক সভাপতি চমুৱাই দলৰ নীতি আদৰ্শৰ গণ্ডিত থাকি দলৰ বুনিয়াদ অধিক শক্তিশালী কৰি, ৰাইজৰ পক্ষত অৱস্থানলৈ এক সুস্থ সবল জনসমৰ্থিত ৰাজনৈতিক শক্তিলৈ ঢকুৱাখনা কংগ্ৰেছক উত্তৰণ ঘটোৱাত আত্মনিয়োগ কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।