/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/shutterstock-517659922.jpg)
ডিজিটেল ডেস্কঃ গৱেষণাকাৰীয়ে লাভ কৰিলে শনি গ্ৰহক লৈ নতুন তথ্য। শনিগ্ৰহৰ নতুন ২০টাকৈ উপগ্ৰহৰ সন্ধান বিচাৰি পালে মহাকাশ গৱেষণাকাৰীয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে আমাৰ সৌৰজগতত আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহ আছিল বৃহস্পতি। বৃহস্পতিগ্ৰহৰ আছে মুঠ ৭৯টাকৈ উপগ্ৰহ। কিন্তু এতিয়া এই ক্ষেত্ৰত বৃহস্পতিক পিছ পেলাই আগবাঢ়িল শনি গ্ৰহ। শনিগ্ৰহৰ এই নতুন ২০টা উপগ্ৰহসহ মুঠ উপগ্ৰহ ৮২টা আছে বুলি গৱেষণাকাৰীয়ে জানিবলৈ দিয়ে।
আমেৰিকাৰ কাৰ্ণেজী ইনষ্টিটিউশ্যন ফৰ ছায়েঞ্চৰগৱেষণকাৰীয়ে দাবী কৰা মতে, নতুন সন্ধান লাভ কৰা এই উপগ্ৰহৰ ব্যাস প্ৰায় ৫ কিলোমিটাৰ।লক্ষণীয় যে, ইয়াৰে ১৭টা উপগ্ৰহ আন কেইটা উপগ্ৰহৰ বিপৰীতে দিশেৰে ইয়াৰ চাৰিওফালেঘূৰি আছে।
গৱেষণাকাৰী দলটোক নেতৃত্বপ্ৰদান কৰা স্ক'ট এছ থেফৰ্ডে কয় যে- 'এই উপগ্ৰহ কেইটাৰ অধ্যয়ন কৰিলে শনিগ্ৰহকেনেকৈ সৃষ্টি হৈছিল আৰু গ্ৰহটো সৃষ্টি হোৱা সময়ত তাৰ আশে-পাশে কেনেধৰণৰ পৰিস্থিতিআছিল সেই সন্দৰ্ভত আৰু অধিক তথ্য লাভ কৰিম।'