/asomiyapratidin/media/media_files/2025/07/14/new-ap-web-5-2025-07-14-21-27-13.jpg)
ডিজিটেল সংবাদ মায়ং:মৰিগাঁও জিলা পৰিষদৰ সৌজন্যত মায়ং আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত ৰজামায়ং ৰঙালী বিহু উদযাপন সমিতি, পবিতৰা ট্যুৰিষ্ট গাইড আৰু শংমাকঃ এক সংস্কৃতি প্ৰবাহৰ সহযোগত সপ্তাহযোৰাকৈ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্যৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ভৱেশ বৰবায়ন আৰু সহযোগী সত্ৰীয়া নৃত্যৰ সাধক পৰমানন্দ বায়ন, গুৱাহাটী দূৰদৰ্শনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া নৃত্য শিল্পী দীপশিখা ভূঞাঁ,সহযোগী হিয়া জুৰি কলিতা, শিশু শিল্পী পোহৰ ৰঞ্জন শইকীয়াই বৃহত্তৰ মায়ং অঞ্চলৰ প্ৰায় ৮০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে।
মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ উৎপল নাথে আঁতধৰা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ উপস্থিত থাকি সামৰণি অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে। বন্তি প্ৰজ্বলন কৰে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ ফণী ভূষণ নাথ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/14/mayong-2025-07-14-21-23-16.jpeg)
আজিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে, মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ,অসম উন্নতি সভাৰ কেন্দ্ৰীয় সম্পাদক অতনু শৰ্মা, পবিতৰা অভয়াৰণ্যৰ অৱসৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া মুকুল তামুলী, গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণুপ্ৰভা লস্কৰ,লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰীকা। সামৰণি অনুষ্ঠানত শিক্ষাৰ্থী সকলে নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও প্ৰশিক্ষক দীপশিখা ভূঞাঁ আৰু মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে পৃথকে পৃথকে প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্য উপভোগ কৰি উপস্থিত সকলোৱে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/14/mayong-2025-07-14-21-22-04.jpeg)
আনহাতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ভৱেন বৰবায়নে প্ৰশিক্ষাৰ্থীসকৰ লগতে অভিভাৱক অভিভাৱিকা সকলক সত্ৰীয়া নৃত্যৰ প্ৰতি আকৃষ্ট হৈ এনেদৰে আগবাঢ়ি অহাৰ ধন্যবাদ জ্ঞাপন কৰে। শেষত আটাইবোৰ প্ৰশিক্ষাৰ্থীক একোখনকৈ মানপত্ৰ প্ৰদান কৰে।আজিৰ অনুষ্ঠানত উপস্থিত থাকে মায়ং গাঁও পঞ্চায়তৰ সভাপতি দিপাংকৰ কলিতা,আঞ্চলিক সদস্যা কবিতা ডেকা প্ৰমুখ্যে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us