/asomiyapratidin/media/media_files/2025/07/07/batradava-7-2025-07-07-16-53-02.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু বটদ্ৰৱা সত্ৰীয়া শৈক্ষিক অনুষ্ঠান বৰদোৱা সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ ব্যৱস্থাপনাত আজিৰে পৰা সত্ৰীয়া নৃত্যৰ কৰ্মশালা আৰম্ভ হৈছে। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত এগছি বন্তি প্ৰজ্বলনেৰে এই কৰ্মশালা শুভাৰম্ভ কৰে শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই।
বৰদোৱা সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰৰ সভাপতি জয়ন্ত মাধৱ বৰাই আঁত ধৰা অনুষ্ঠানটিত নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, কৰ্মশালাৰ চৰকাৰী পৰ্যবেক্ষক ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰৱা থানৰ বৰনাম লগোৱা তথা শিল্পী পেঞ্চনাৰ ডম্বৰুধৰ গায়ন, বটদ্ৰৱা সাংস্কৃতিক কেন্দ্ৰৰ কৰ্মচাৰী অমিত দত্ত, প্ৰশিক্ষক দীপেন বৰুৱা, প্ৰদীপ গোস্বামী, বাবুল হাজৰিকা, নৱনীল বায়ন, ৰণিতা বৰঠাকুৰ, হিমাঘ্ন এইছ বিশ্বজিৎ, সৰস্বতী মুদৈ, কস্তুৰী শইকীয়া, সুবাসনা কাশ্যপৰ লগতে কাৰ্যকৰ্তা ৰীণা বৰুৱা, অৰ্চনা বৰুৱা, সীমা মহন্ত, গৌতম গোস্বামী, অনুজ বৰুৱা, দীপশ্ৰী শইকীয়া, ৰত্নেশ্বৰ বৰুৱা, ৰিংকু বৰুৱাকে আদি কৰি কেইবাগৰাকী সদস্য, প্ৰশিক্ষাৰ্থী, অতিথিসহ তিনি শতাধিক লোকৰ উপস্থিতিত আজিৰে পৰা কৰ্মশালা আৰম্ভ হয়। অহা ২১ জুলাইত এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব।