বিবেকানন্দ কেন্দ্ৰত সত্ৰীয়া কৃষ্টিৰ 'নৃত্যাৰ্ঘ' শীৰ্ষক অনুষ্ঠান

উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিবেকানন্দ কেন্দ্ৰত এটা ব্যতিক্ৰম সন্ধিয়া। সমুখৰ আসনত বহি আছে নৃত্যাচাৰ্য যতীন গোস্বামী। সত্ৰীয় নৃত্যৰ সেই মহাগুৰুগৰাকীৰ সন্মুখত প্ৰশিক্ষণৰত আৰু সত্ৰীয়া নৃত্য চৰ্চা কৰা কিছু প্ৰতিভাধৰৰ নৃত্যৰ সম্ভাৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-20 at 9.16.59 PM

ডিজিটেল ডেস্ক : উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিবেকানন্দ কেন্দ্ৰত এটা ব্যতিক্ৰম সন্ধিয়া। সমুখৰ আসনত বহি আছে নৃত্যাচাৰ্য যতীন গোস্বামী। সত্ৰীয় নৃত্যৰ সেই মহাগুৰুগৰাকীৰ সন্মুখত প্ৰশিক্ষণৰত আৰু সত্ৰীয়া নৃত্য চৰ্চা কৰা কিছু প্ৰতিভাধৰৰ নৃত্যৰ সম্ভাৰ।

Advertisment

WhatsApp Image 2025-07-20 at 8.02.50 PM (1)

গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয় নৃত্যৰ আধাৰত এটাৰ পাছত আনটো দলে পৰিৱেশন কৰি গ’ল এই নৃত্য সম্ভাৰ। দৰ্শকেৰে পৰিপূৰ্ণ হৈ থকা প্ৰেক্ষাগৃহটোত এই সন্ধিয়া উদযাপিত হ’ল নৃত্যৰ অৰ্ঘ্যৰে। 

WhatsApp Image 2025-07-20 at 8.02.48 PM

সত্ৰীয়া নৃত্যৰ অন্যতম গুৰু তথা সত্ৰীয়া কৃষ্টিৰ জৰিয়তে এই নৃত্যক প্ৰশিক্ষণ দিয়া কৃষ্ণাক্ষী কাশ্যপৰ পৰিচালনা আৰু পৰিকল্পনাৰে আয়োজন কৰা হৈছিল নৃত্যাৰ্ঘ শীৰ্ষক অনুষ্ঠানত। আবেলি ৫-০০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত অতিথি হিচাপে অংশ লৈছিল প্ৰাক্তন সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক স্বপ্নলীন বৰুৱা, বিশিষ্ট কথক নৃত্যৰ গুৰু বিপুল দাস, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি অনেক গুণগ্ৰাহীয়ে। 

WhatsApp Image 2025-07-20 at 8.02.44 PM

নৃত্যাচাৰ্য যতীন গোস্বামীয়ে বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানত তাৰ পাছত পৰ্যায়ক্ৰমে সত্ৰীয়া কৃষ্টিৰ প্ৰশিক্ষণৰত নৃত্য প্ৰশিক্ষাৰ্থীসকলে প্ৰায় ৩ঘণ্টা ধৰি সত্ৰীয়া নৃত্যৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। নৃত্যাচাৰ্য যতীন গোস্বামীয়ে তেওঁৰ ভাষণত কয়- সত্ৰীয়া নৃত্যৰ এই অনুশীলন আৰু পদ্ধতিগত সম্পৰীক্ষাই কৃষ্ণাক্ষী কাশ্যপক এক নতুন মাত্ৰা প্ৰদান কৰিছে। 

WhatsApp Image 2025-07-20 at 8.02.49 PM

উল্লেখযোগ্য যে কৃষ্ণাক্ষী কাশ্যপ দেশৰে এগৰাকী প্ৰতিষ্ঠিত সত্ৰীয়া নৃত্যৰ শিল্পী । তাৰোপৰি তেখেত হৈছে সংগীত নাটক একাডেমীৰ ফেলো আৰু নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ শিষ্য। কৃষ্ণাক্ষী কাশ্যপে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ৰামকৃষ্ণ তালুকদাৰদেৱৰ অধীনতো প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী নৃত্যশিল্পী।

WhatsApp Image 2025-07-20 at 8.02.51 PM

উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানটি ‘সত্ৰীয়া কৃষ্টি’ৰ বিষয়ববীয়াসকলে সুন্দৰভাৱে পৰিচালনা কৰি আৰু অধিক সজীৱ কৰি তোলে। অনুষ্ঠানত অতিথিসকলৰ উপৰিও আন বিশিষ্ট ব্যক্তিৰ লগতে অভিভাৱক- অভিভাৱিকাসকল উপস্থিত থাকে।

WhatsApp Image 2025-07-20 at 9.12.01 PM

সত্ৰীয়া সংস্কৃতি সত্ৰীয়া নৃত্য