দিল্লীত সত্ৰীয়া সংস্কৃতিৰ বাৰেৰহণীয়া অনুষ্ঠান

দিল্লীত অনুষ্ঠিত হয় সত্ৰীয়া সংস্কৃতিৰ বাৰেৰহণীয়া অনুষ্ঠান। অসম এচ'চিয়েচন শৈক্ষিক আৰু সাংস্কৃতিক ন্যাসৰ উদ্যোগত চলি থকা সত্ৰীয়া অকাডেমিৰ বাৰ্ষিক সমাৰোহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
mjmmm

দিল্লীত সত্ৰীয়া সংস্কৃতিৰ বাৰেৰহণীয়া অনুষ্ঠান

ডিজিটেল সংবাদ, দিল্লীঃ দিল্লীত অনুষ্ঠিত হয় সত্ৰীয়া সংস্কৃতিৰ বাৰেৰহণীয়া অনুষ্ঠান। অসম এচচিয়েচন শৈক্ষিক আৰু সাংস্কৃতিক ন্যাসৰ উদ্যোগত চলি থকা সত্ৰীয়া অকাডেমিৰ বাৰ্ষিক সমাৰোহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই অনুষ্ঠানত সত্ৰীয়া নৃত্যৰ লগতে মাধৱদেৱ বিৰচিত চোৰ ধৰা নাট পৰিৱেশন কৰে শিক্ষাৰ্থী সকলে। উল্লেখ্য যে, সত্ৰীয়া গুৰু ড০ ভবানন্দ বৰবায়নৰ তত্বাবধানত শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অনুষ্ঠানে আপ্লুত কৰে উপস্থিত দৰ্শকক।

দিল্লী সত্ৰীয়া নৃত্য