অনুমোদন বিহীন বি.এড পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে সৰব ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি...

সংগঠনটোৱে বি এড কলেজ সমূহত শীঘ্ৰে মাচুল হ্ৰাস কৰা আৰু আসন বৃদ্ধি কৰাৰ বাবেও দাবী জনায়
Satra mukti sangram samiti
Satra mukti sangram samiti

ডিজিটেল ডেস্কঃ শিক্ষকতাক জীৱিকা হিচাপে ল'বলৈ মন স্থিৰ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান বি এড পাঠ্যক্ৰম অত্যাৱশ্যকীয় এক পাঠ্যক্ৰম। ইয়াৰ ক্ৰমৱৰ্ধমান চাহিদা অনুপাতে ৰাজ্যত নগণ্য সংখ্যক বি এড কলেজ থকাৰ বাবে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।

যি নগণ্য সংখ্যক কলেজ আছে সেই সমূহতো মাচুল যথেষ্ঠ হোৱাৰ বাবে দুখীয়া পৰিয়ালৰ বহু ছাত্ৰ ছাত্ৰীয়ে শিক্ষক হোৱাৰ সপোন মনৰ মাজতে সাঙুৰি ৰাখিবলৈ বাধ্য হৈছে। তেনে সময়তে ৰাজ্যৰ একাংশ বি এড কলেজে অধিক মাচুলৰ বিনিময়ত বিশ্ববিদ্যালয়ৰ অনুমোদনহীনভাৱে নামভৰ্তি কৰোৱাৰ দৰে কাৰ্যত লিপ্ত হৈছে।

শুকুৰবাৰে ছাত্ৰ মুক্তি সমিতিৰ তৰফৰ পৰা গৌহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ উক্ত বিষয়ৰ ওপৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰি সংগঠনটোৱে এনে এক ঘটনা পোহৰলৈ আনিছে। সংগঠনটোৱে দাবী কৰা অনুসৰি বকোস্থিত কলেজ অৱ এডুকেশ্যন, বকো নামৰ শিক্ষানুষ্ঠানখনে অধিক মাচুলৰ বিনিময়ত বিশ্ববিদ্যালয়ৰ অনুমোদন অবিহনে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰাই আছে।

ইয়াৰ জৰিয়তে শিক্ষানুষ্ঠানখনে মেধাৰ ভিত্তিত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা বহু ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰা বুলি দাবী উত্থাপন কৰিছে। লগতে শিক্ষানুষ্ঠানখনে ভুৱা নথি- পত্ৰৰ জৰিয়তে NCTE অনুমোদন লাভ কৰা বুলিও সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

বিশ্ববিদ্যালয়ে সাময়িকভাৱে বি এড নামভৰ্তি স্থগিত ৰখাৰ পিছতো উক্ত শিক্ষানুষ্ঠানখনে নামভৰ্তি প্ৰক্ৰিয়া চলাই নিবলৈ পূৰ্ণ যো-যা চলাই থকাৰ অভিযোগ উত্থাপন কৰি এই সমগ্ৰ ঘটনা সন্দৰ্ভত উপাচাৰ্যৰ জৰিয়তে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই সংগঠনটোৱে।

এক প্ৰেছ বিবৃতিযোগে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা, সহকাৰী সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, শিক্ষা সম্পাদক সৌৰভ প্ৰতীম গগৈ আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সম্পাদক নৱদ্বীপ বৰগোঁহাইয়ে কয় যে যি সময়ত চৰকাৰে সকলো ক্ষেত্ৰতে নিকা আৰু স্বচ্ছতাৰ ঢাক-ঢোল বজাইছে সেই সময়ত ৰাজ্যখনত ঘটি থকা এনে ঘটনাই যুৱ প্ৰজন্মক হতাশ কৰিছে।

বি এডৰ দৰে পাঠ্যক্ৰমৰ বৰ্ধিত মাচুলৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই চৰকাৰৰ দুখীয়া বিৰোধী নীতিক প্ৰতিনিধিত্ব কৰিছে। সংগঠনটোৱে লগতে বি এড কলেজসমূহত অতি শীঘ্ৰে মাচুল হ্ৰাস কৰা আৰু আসন বৃদ্ধি কৰাৰ বাবেও দাবী উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in